/asomiyapratidin/media/media_files/2025/08/21/134-2025-08-21-12-07-52.jpg)
ডিজিটেল ডেস্ক : ভাৰতত বৃদ্ধি পাইছে গাখীৰ উৎপাদন। সমান্তৰালকৈ বিশ্বৰ বজাৰত ভাৰতত উৎপাদিত গাখীৰৰ চাহিদাও বৃদ্ধি পাইছে। এই কথা সদৰী কৰিছে ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিচাৰ্চে।
সংস্থাটোৱে ৰাজহুৱাৰ কৰা এক প্ৰতিবেদনত উল্লেখ কৰিছে যে, ভাৰতৰ গাখীৰ উৎপাদন অদূৰ পৰা মধ্যম কালত বছৰৰ পিছত বছৰ ধৰি ৫% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যাৰ ফলত বিশ্বৰ সৈতে এই ব্যৱধান আৰু অধিক বৃদ্ধি পাব।
সংস্থাটোৱে অনুমান কৰিছে যে ২০২৫ বিত্তীয় বৰ্ষত গাখীৰৰ উৎপাদন ৫% বছৰি বৃদ্ধি পাইছে। "দেশৰ দুগ্ধ উদ্যোগে উল্লেখযোগ্য বৃদ্ধি পাইছে, যাৰ ফলত বিশ্বৰ আগশাৰীৰ গাখীৰ উৎপাদক হিচাপে ইয়াৰ মৰ্যাদা শক্তিশালী হৈছে।
উল্লেখযোগ্য যে, ২০২৪ বিত্তীয় বৰ্ষত ভাৰতৰ গাখীৰ উৎপাদন বছৰি ৩.৭৮% বৃদ্ধি পাই ২৩৯.৩ মিলিয়ন টন হৈছিল।