/asomiyapratidin/media/media_files/2026/02/27/mikirrrrr-2026-02-27-22-32-33.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকসকলে শুকুৰবাৰে ভূমিৰ মালিকীস্বত্ব বিচাৰি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এক আনুষ্ঠানিক আবেদন দাখিল কৰে। নিখিল ভাৰত কৃষক সভা আৰু ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ বিশেষ উদ্যোগত মিকিৰ বামুণীৰ ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষকসকলে ‘অসম (অস্থায়ীভাৱে বসতি স্থাপন কৰা এলেকা) ভাড়াতীয়া আইন, ১৯৭১’ৰ অধীনৰ ২৩ নং ধাৰাৰ ৫ আৰু ৬ নং ফৰ্মযোগে এই আবেদন দাখিল কৰে।
শুকুৰবাৰৰ এই কাৰ্যসূচীত উপস্থিত থাকি নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিক পৰিষদৰ সম্পাদক জয়ন্ত গগৈয়ে চৰকাৰক মিকিৰ বামুণীৰ কৃষকসকলক শীঘ্ৰে ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰিবলৈ দাবী জনায়। সংগঠনটোৰ নগাঁও জিলা সম্পাদক মনোজ সিংহ ৰাজাই সংবাদ মাধ্যমৰ আগত ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে- হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে বসুন্ধৰা ১.০, ২.০ আৰু ৩.০-ৰ দৰে আঁচনি ৰূপায়ণ কৰিছে যদিও প্ৰকৃত থলুৱা কৃষকসকল এতিয়াও ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। তেওঁ অভিযোগ কৰে যে চৰকাৰে কেৱল ধনীক শ্ৰেণীৰ পুঁজিপতিৰ বাবেহে ভূমি অধিগ্ৰহণৰ বাট মুকলি কৰিছে।
উল্লেখ্য যে, ২০১৯ চনত আজুৰ পাৱাৰ কোম্পানীৰ সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে মিকিৰ বামুণীৰ ৰায়তী কৃষকসকলৰ কৃষিভূমিৰ ওপৰত প্ৰশাসনে বুলড’জাৰ চলাই উচ্ছেদ চলাইছিল। সেই সময়ত জিলা প্ৰশাসনে কৃষকসকলক ৰায়তী খতিয়ানপ্ৰাপ্ত নহয় বুলি কৈছিল যদিও পৰৱৰ্তী সময়ত বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্নৰ উত্তৰত তেওঁলোক যে প্ৰকৃত ৰায়তী কৃষক সেই কথা স্পষ্ট হয়। পৰৱৰ্তী সময়ত কৃষকসকলে আৰটিআইৰ জৰিয়তে নিজৰ ৰায়তী খতিয়ানসমূহ লাভ কৰে।
এই কাৰ্যসূচীত কৃষক নেতা চিকাৰী ৰংপি, লক্ষীৰাম মাৰ্দি, গোপাল হাঞ্চেৰ লগতে চিপিআইৰ মিকিৰ বামুণী শাখাৰ সম্পাদক ৰাজেন তিমুং আৰু বহুসংখ্যক কৃষক উপস্থিত থাকে। নিখিল ভাৰত কৃষক সভাই ঘোষণা কৰে যে- যিহেতু আন্দোলনৰ আৰম্ভণিৰে পৰা তেওঁলোক কৃষকৰ সৈতে আছে, সেয়েহে কৃষকসকলে ন্যায় নোপোৱালৈকে তেওঁলোকৰ এই সংগ্ৰাম অব্যাহত থাকিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us