/asomiyapratidin/media/media_files/2026/03/08/israelpmpm-2026-03-08-14-53-49.jpg)
ডিজিটেল ডেস্কঃ ইৰাণ আৰু ইজৰাইলৰ মাজত অব্যাহত আক্ৰমণত কঁপি উঠিছে সমগ্ৰ মিডিল ইষ্ট। কিন্তু আজি পৰ্যন্ত আক্ৰমণ বন্ধ হোৱা নাই। ইজৰাইল-আমেৰিকাই শনিবাৰে তেহৰাণৰ তৈল খাদক লক্ষ্য কৰি লয়। ইৰাণক কোনো পধ্যেই এৰি দিব নিবিচাৰে ইজৰাইলে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতন্যাহুৱে যুদ্ধ অব্যাহত ৰাখিব বুলি উল্লেখ কৰাৰ লগতে ইৰাণৰ শাসন ব্যৱস্থাক শিপাই সৈতে উভালি পেলাব বুলি প্ৰতিশ্ৰুতি দিছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইৰাণৰ বিৰুদ্ধে সকলো শক্তি ব্যৱহাৰ কৰি যুদ্ধ কৰিম বুলি কয়।
ইৰাণে উপসাগৰীয় দেশসমূহৰ ওপৰত মিছাইল আৰু ড্ৰ’নেৰে আক্ৰমণ কৰাৰ সময়তে এইদৰে কয় ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতন্যাহুৱে। ইফালে, ইৰাণৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি মছুদ পেজেছকিয়ানে মিডল ইষ্টৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা ক্ষমা বিচাৰে। লগতে ৰাষ্ট্ৰপতিগৰাকীয়ে ঘোষণা কৰে যে- যেতিয়ালৈকে ইৰাণৰ ওপৰত চুবুৰীয়া ৰাষ্ট্ৰসমূহে আক্ৰমণ নকৰে, তেতিয়ালৈকে ইৰাণেও প্ৰথমে কোনো ধৰণৰ আক্ৰমণ নকৰে।
উল্লেখ্য যে, ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজৰ যুদ্ধ বৰ্তমানলৈ তিনিওখন দেশৰ বহু কেইগৰাকী নাগৰিক সেনা জোৱানে প্ৰাণ হেৰুৱাইছে। ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত শিশু-মহিলাসহ ইৰাণৰ কমেও ১৩৩২গৰাকী নাগৰিক নিহত হোৱাৰ উপৰি সহস্ৰাধিক লোক গুৰুতৰভাৱে আহত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us