ইজৰাইলত প্ৰধানমন্ত্ৰী মোডীৰ দ্বিতীয় দিন! আজি কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক...

ইজৰাইলত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয়টো দিন।  ইজৰাইলত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাজকীয় সম্ভাষণ জনাই আদৰণি জনাইছিল দেশখনে। পিএম

author-image
Asomiya Pratidin
New Update
pm modi

ডিজিটেল ডেস্কঃ ইজৰাইলত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয়টো দিন।  ইজৰাইলত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাজকীয় সম্ভাষণ জনাই আদৰণি জনাইছিল দেশখনে। পিএম নেতানিয়াহু আৰু তেওঁৰ পত্নীয়ে তেওঁক গ্ৰহণ কৰিবলৈ ব্যক্তিগতভাৱে বিমানবন্দৰত উপস্থিত হয়, আৰু দুয়োজন নেতাই পুৰণি বন্ধুৰ দৰে ইজনে সিজনক সম্ভাষণ জনায়।

নেতানিয়াহু আৰু প্ৰধানমন্ত্ৰী মোডীয়ে আলিংগন কৰি সন্মানীয় গাৰ্ড অৱ অনাৰ প্ৰদান কৰে।  ইজৰাইলৰ সংসদত প্ৰধানমন্ত্ৰী মোডীক উষ্ম আদৰণি জনোৱাৰ লগতে তেওঁৰ সন্মানত ৰাতিৰ আহাৰো আয়োজন কৰা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয় দিনটোৰ কাৰ্যসূচী কি কিঃ-

  • ভ্ৰমণৰ দ্বিতীয় দিনা দিনৰ ১২:১৫ বজাত প্ৰধানমন্ত্ৰী মোডীয়ে যাদ ভাশ্বেম ভ্ৰমণ কৰিব। এইখন ইজৰাইলৰ চৰকাৰী স্মৃতিসৌধ, যিটো ১৯৫৩ চনত নাজীয়ে হত্যা কৰা প্ৰায় ছয় নিযুত ইহুদীৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল।

  • ইয়াৰ পিছতে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাজৰঘৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদীয়ে।

  • দুপৰীয়া প্ৰায় ২:৪০ বজাত প্ৰধানমন্ত্ৰী মোডী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে দুয়োখন দেশৰ মাজত বুজাবুজি চুক্তিৰ আদান-প্ৰদান আৰু যৌথ প্ৰেছ বিবৃতি জাৰি কৰা হ’ব।

  • সন্ধিয়া ৪ বজাত ইজৰাইলত বসবাস কৰা ভাৰতীয় জনগোষ্ঠীক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।

  • ইয়াৰ পিছত সন্ধিয়া ৫:৫০ বজাত নতুন দিল্লীলৈ ৰাওনা হ’ব।
ভাৰত