ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা মধ্যহ্ন ভোজনৰ চাউলৰ টকা আত্মসাৎ প্ৰধান শিক্ষক ছিৰাজুল ইছলামৰ

মধ্যহ্ন ভোজনৰ চাউলৰ টকা আত্মসাৎ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ধুবুৰীৰ গৌৰীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত কচুৱাৰ খাছ এম ই স্কুলৰ প্ৰধান শিক্ষক ছিৰাজুল ইছলামৰ বিৰুদ্ধে

author-image
Asomiya Pratidin
New Update
ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা মধ্যহ্ন ভোজনৰ চাউলৰ টকা আত্মসাৎ প্ৰধান শিক্ষক ছিৰাজুল ইছলামৰ

ডিজিটেল সংবাদ ধুবুৰীঃ অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যখনত শিক্ষা বিভাগৰ আমূল পৰিৱৰ্তন হোৱা বুলি সময়ে সময়ে ফটা ঢোল বজাই থাকিলেও কাৰ্যক্ষেত্ৰত একাংশ চৰকাৰী বিদ্যালয়ত চলি থকা চৰম অৰাজকতা আৰু দুৰ্নীতিয়ে বৌদ্ধিক মহলক উদ্বিগ্ন কৰি তুলিছে। বিশেষকৈ শিক্ষক দিৱসৰ প্ৰাকমুহূৰ্ততে ধুবুৰীত উন্মোচিত হৈছে এগৰাকী শিক্ষকৰ চৰম জালিয়াতিৰ ঘটনা। 

ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা মধ্যহ্ন ভোজনৰ চাউলৰ টকাও আত্মসাৎ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ধুবুৰীৰ গৌৰীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত কচুৱাৰ খাছ এম ই স্কুলৰ প্ৰধান শিক্ষক ছিৰাজুল ইছলামৰ বিৰুদ্ধে। দমে দমে মধ্যহ্ন ভোজনৰ চাউল পচাই সেই চাউলসমূহ বিদ্যালয়তে ৰাখি চৰম ঘৃণনীয় কামত জড়িত হৈ পৰিছে প্ৰধান শিক্ষক ছিৰাজুল ইছলামে। 

প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ আৰু বিদ্যালয়টোৰ পৰিচালনা সমিতিৰ একাংশ সদস্যই।বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্য আৰু ৰাইজে আজি অভিযোগ কৰি কয় যে, দীৰ্ঘদিন ধৰি কচুৱাৰ খাছ এম ই স্কুলৰ প্ৰধান শিক্ষক ছিৰাজুল ইছলামে বিদ্যালয়খনত পঢ়া-শুনা কৰা ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ ক্ষেত্ৰত কোনো ধৰণৰ মনোযোগ নিদিয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ বাবে দুপুৰীয়াৰ মধ্যহ্ন ভোজনৰ চাউলৰ টকাও আত্মসাৎ কৰাত এই বিষয়ে ধুবুৰী জিলা আয়ুক্তকো এখন অভিযোগ পত্ৰ দাখিল কৰিছিল। 

সেই অভিযোগ পত্ৰখনত উল্লেখ কৰা মতে, কচুৱাৰ খাছ এম ই স্কুলত প্ৰায় ১৫ কুইণ্টল চাউল নষ্ট হৈ পৰি আছে আৰু নতুনকৈ ২৩২১ কুইণ্টল চাউল বিদ্যালয়খনলৈ লৈ অনা হৈছে। অভিযোগ পত্ৰখনত উল্লেখ কৰা অনুসৰি উক্ত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্যসকলে স্কুলৰ প্ৰতিখন সভাতে মধ্যহ্ন ভোজনৰ চাউলৰ বাবে জমাৰ হিচাপ ৰখা বহীখন প্ৰধান শিক্ষক ছিৰাজুল ইছলামৰ পৰা বিচাৰে যদিও প্ৰধান শিক্ষক ছিৰাজুল ইছলামে আজিলৈকে তেওঁলোকক মধ্যহ্ন ভোজনৰ চাউলৰ বাবে জমাৰ হিচাপ ৰখা বহীখন দেখুৱাব পৰা নাই বুলি অভিযোগ পত্ৰত উল্লেখ থাকে।

তদুপৰি উক্ত বিদ্যালয়ত ২০২৩-২৪ বিত্তীয় বৰ্ষত এখন গ্ৰন্থাগাৰ তথা শ্ৰেণী কোঠাৰ নিৰ্মাণৰ বাবে ১৬ লাখ টকাৰ অনুমোদন ঊৰ্ধতন কৰ্তৃপক্ষই দিছিল। কিন্তু প্ৰধান শিক্ষক ছিৰাজুল ইছলামে যেনি-তেনি সেই গ্ৰন্থাগাৰ তথা শ্ৰেণী কোঠাৰ নিৰ্মাণৰ কামখিনি কৰি আজিলৈকে বিদ্যালয়ৰ পৰিচালনা সমিতিক কোনো ধৰণৰ হিচাপ বুজাই দিয়া নাই বুলি অভিযোগ পত্ৰখনত উল্লেখ থাকে। 

আনহাতে যোৱা ৩ মাহ অৰ্থাৎ এপ্ৰিল, মে’ আৰু জুন মাহৰ মধ্যহ্ন ভোজনৰ চাউলৰ বাবদ স্কুলখনৰ পৰিচালনা সমিতিৰ সভাপতিয়ে দুটা চেকত চহী কৰি মুঠ ১ লাখ ৩০ হাজাৰ টকা প্ৰধান শিক্ষকগৰাকীক উঠাই দিছিল। অভিযোগ মতে, প্রধান শিক্ষক ছিৰাজুল ইছলামে বিদ্যালয়খনৰ দায়িত্বত থকা চিআৰচিচিক এইক্ষেত্ৰত প্রায় ৮৫ হেজাৰ  টকাৰ হিচাপ দিছিল আৰু বাকী থকা প্ৰায় ৪৫ হেজাৰ টকা আত্মসাৎ কৰা বুলি অভিযোগত উল্লেখ থাকে। 

এতিয়া আকৌ প্রধান শিক্ষকে চলিত বৰ্ষৰ জুলাই মাহত বিদ্যালয় বন্ধ থকা সত্বেও স্কুল পৰিচালনা সমিতিৰ সভাপতিক ৬০ হাজাৰ টকা বেংকৰ পৰা পুনৰ উঠোৱাৰ বাবে  হেঁচা প্ৰয়োগ কৰি আছে বুলি উল্লেখ থাকে। মন কৰিব লগীয়া যে ২০২৪-২৫ বিত্তীয় বৰ্ষত বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ বাবদ অনুমোদন হোৱা সম্পূৰ্ণ টকা প্রধান শিক্ষকে আত্মসাৎ কৰিছে।

ইয়োৰোপৰি প্রধান শিক্ষক ছিৰাজুল ইছলামে বিদ্যালয়খনৰ পুৰণি ৰেজ'লিউচন বহীখন শেষ নহওঁতে আন এখন নতুন ৰেজ'লিউ চন বহী ব্যৱহাৰ কৰি দুই-এজন সদস্যক লৈ নিশা প্ৰায় ১০ বজাত স্কুল পৰিচালনা সমিতিৰ সদস্য/সদস্যাৰ ঘৰত গৈ মিছা প্রলোভন দি চহী সংগ্রহ কৰি আছে বুলি জানিব পৰা গৈছে৷ 

আশ্চৰ্যকৰ বিষয় এয়ে যে উক্ত বিদ্যালয়ৰ দুই-এজন শিক্ষকে শিক্ষা সেতু এপত ঘৰৰ পৰাই উপস্থিতি দি সংশ্লিষ্ট কেইজন মান শিক্ষকে বিদ্যালয়খনত পলমকৈ উপস্থিত হয় বুলি অঞ্চলটোৰ ৰাইজে আজি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। উল্লেখযোগ্য যে উক্ত বিদ্যালয়খনত ষষ্ঠ,  সপ্তম আৰু অষ্টম শ্ৰেণীৰ মুঠ ২৯৭ জন ছাত্ৰ-ছাত্ৰী থকাৰ বিপৰীতে বিদ্যালয়খনত আঠ জনকৈ শিক্ষক আছে বুলি জানিব পৰা গৈছে। 

এই ক্ষেত্ৰত স্থানীয় ৰাইজ তথা বিদ্যালয়খনৰ পৰিচালনা সমতিৰ সদস্যই বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ নষ্ট কৰি ব্যাপক জালিয়াতি কৰা প্ৰধান শিক্ষক ছিৰাজুল ইছলামৰ বিৰুদ্ধে অতি শীঘ্ৰে উচিত তদন্ত কৰি উক্ত প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ বাবে ধুবুৰী জিলা আয়ুক্তৰ ওচৰত দাবী জনাইছে।

মধ্যাহ্ন ভোজন