/asomiyapratidin/media/media_files/2025/12/09/442-2025-12-09-19-44-19.jpg)
ডিজিটেল ডেস্ক : বিজ্ঞান আৰু প্ৰযুক্তিৰ দিশত শেহতীয়াকৈ দ্ৰুত গতিৰে আগবাঢ়িছে ভাৰত। উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰত অৱ্যাহত আছে ভাৰতৰ অনিৰুদ্ধ যাত্ৰা।
এতিয়াৰে পৰা বিশ্বৰ উন্নত দেশসমূহৰ সৈতে অত্যধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত সমানে ফেৰ মাৰিব ভাৰতে। কিয়নো ভাৰতত মেগা বিনিয়োগ কৰিছে বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান মাইক্ৰছ’ফ্টে।
মাক্ৰছ’ফ্টৰ চি ই অ’ সত্য নাডেলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত এক অনুষ্ঠানত ১.৫ লাখ কোটি টকা বিনিয়োগ কৰিছে। এই বিনিয়োগ এছিয়াৰ ভিতৰতে সৰ্বাধিক বিনিয়োগ হিচাপে দাবী কৰিছে নাডেলাই।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে এছিয়া মহদেশৰ অন্তৰ্গত কোনো এখন দেশতে ইমান পৰিমাণৰ ধন বিনিয়োগ কৰা নাছিল মাইক্ৰ’ছফ্টে। মাইক্ৰ’ছফ্টে ভাৰতত এ আই (কৃত্ৰিম বুদ্ধিমত্তা)ৰ উন্নয়নৰ বাবে এই ধন ব্যয় কৰা বুলি জানিবলৈ দিয়ে।
এই বিনিয়োগে এ আইৰ বিকাশ, প্ৰসাৰ তথা শক্তিশালী আন্তঃগাঁথনি উন্নত কৰিব বুলি আশাবাদী প্ৰধানমন্ত্ৰী মোডী। ভাৰতৰ যুৱক- যুৱতীসকলে এ আইৰ দ্বাৰা উপকৃত আৰু লাভৱান হ’ব বুলি আশা ব্যক্ত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। একেদৰে মাইক্ৰ’ছফ্টৰ এনে পদক্ষেপৰ শলাগ লয় প্ৰধানমন্ত্ৰী মোডীয়ে।
Thank you, PM @narendramodi ji, for an inspiring conversation on India’s AI opportunity. To support the country’s ambitions, Microsoft is committing US$17.5B—our largest investment ever in Asia—to help build the infrastructure, skills, and sovereign capabilities needed for… pic.twitter.com/NdFEpWzoyZ
— Satya Nadella (@satyanadella) December 9, 2025
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us