/asomiyapratidin/media/media_files/2025/09/05/xddgfdd-2025-09-05-17-47-44.jpg)
ডিজিটেল সংবাদ, হাজোঃ হাজোৰ বুল্লুটত চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। গাঁও-প্ৰধান নৰেশ্বৰ কলিতাৰ পৈতৃক ভূমি দুৰ্বৃত্তই বলপূৰ্বকভাৱে বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি, কমাৰকুছি গাঁৱৰ বাসিন্দা তথা গাঁও-প্ৰধান নৰেশ্বৰ কলিতাৰ হাজোৰ বুল্লুটস্থিত ম্যাদী পট্টাৰ ভূমি আলাউদ্দিন, চামচুল আৰু মদিন আলীয়ে বলপূৰ্বক ভাৱে দখল কৰে। তেওঁলোকে চৌহদৰ চাৰিওফালে বেৰ দি সমগ্ৰ ভূমি অবৈধভাৱে বেদখল কৰাৰ কথা জানিবলৈ দিয়ে স্থানীয় ৰাইজে।
ৰাজ্যৰ চৰকাৰী ভূমিত উচ্ছেদ চলি থকাৰ সময়তে পুনৰ মিঞাই খিলঞ্জীয়াৰ ভূমি বেদখল কৰা কাৰ্যই এতিয়া হাজোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দুটি কন্যা সন্তানৰ সৈতে থকা গাঁও-প্ৰধান নৰেশ্বৰ কলিতাৰ অসুস্থতাৰ সুযোগ বুজি মিঞাই ভূমি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে।
ইফালে, বেদখলৰ কথা জানিব পাৰি গাঁও প্ৰধান নৰেশ্বৰ কলিতাৰ পত্নী আৰু কন্যা সন্তান দুটি নিজ ভূমিত উপস্থিত হোৱাৰ পিছতে বেদখলকাৰীয়ে সৃষ্টি কৰে এক অভাৱনীয় পৰিস্থিতিৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত গাঁও প্ৰধানৰ পৰিয়ালৰ লোকে হাজো আৰক্ষীক অৱগত কৰাৰ পিছতে হাজো আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।