/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/corona-mha-for-web-AP-full-no-ad-2-copy.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ গহ মন্ত্ৰণালয়ে এক নিৰ্দেশনা জাৰি কৰে বুধবাৰে। এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, দেশৰ বিভিন্ন প্ৰান্তত পুনৰ কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। অগন্তুক উৎসৱসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে গৃহ মন্ত্রণালয়ে।
প্ৰতিখন ৰাজ্যত যাতে হ'লী, শ্বাব-ই-বাৰাট, বিহু, ঈদ আদি উৎসৱৰ সময়ত মানুহৰ সমাগমৰ ফলত যাতে কোৰোনাৰ সংক্ৰমণ অধিক হাৰত বৃদ্ধি নাপাই তাৰ বাবে এই উৎসৱ সমূহৰ সময়ত সীমিত সংখ্যক লোক উপস্থিত থকা বা সমাগম হ'ব লাগিব। এই উৎসৱৰ সময়খিনিত মানুহৰ সমাগম কম হ'লে কোৰোনাৰ সংক্ৰমণ হ্ৰাস পাব বুলি উল্লেখ কৰিছে গৃহ মন্ত্ৰণালয়ে।