বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ, গৃহ মন্ত্ৰণালয়ৰ নতুন গাইডলাইন…

বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ, গৃহ মন্ত্ৰণালয়ৰ নতুন গাইডলাইন…

author-image
asomiyapratidin
New Update
বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ, গৃহ মন্ত্ৰণালয়ৰ নতুন গাইডলাইন…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দেশত বিভিন্ন প্ৰান্তত প্ৰতিদিনেই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। যাৰ বাবে ২৩ মাৰ্চ অৰ্থাৎ মঙলবাৰে গৃহ মন্ত্রণালয়ে দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশ।

Advertisment

গৃহ মন্ত্ৰণালয়ে কোভিড-১৯ নিয়্ন্ত্ৰণ কৰাৰ উদ্দেশ্যে মুখ্য সচিব সকললৈ এক নীতি-নিৰ্দেশনা পালনৰ বাবে প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা হৈছে যে- যোৱা ৫ মাহে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ প্ৰচেষ্টাৰ ফলত কোৰোনাত সংক্ৰমিত লোকৰ সংখ্যা প্ৰতিদিনে হ্ৰাস পোৱা পৰিলক্ষিত হয়। কিন্তু পুনৰ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। আগন্তুক সময়ত উদযাপন কৰিবলগীয়া উৎসৱ সমূহৰ প্ৰতি লক্ষ্য ৰাখি এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে।

কোৰোনা প্ৰতিৰোধৰ বাবে মানিবলগীয়া বহু নিয়ম-নীতিৰ সন্দৰ্ভত চৰকাৰে শিথিলতা প্ৰদান কৰিছিল। এই নিৰ্দেশত লগতে উল্লেখ কৰা হৈছে যে, বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহুৱা স্থান, কৰ্মস্থান, জনবহুল স্থানত কোভিড-১৯ৰ নিয়ম-নীতি মানি চলাটো প্ৰয়োজনীয়। মাস্ক, হেণ্ড ছেনিটাইজ আৰু সামাজিক দূৰত্ব কঠোৰভাৱে মানিবলৈ নিয়ম বান্ধি দিবৰ বাবে ৰাজ্য-কেন্দ্ৰীয় শাসিত এলেকাসমূহৰ মুখ্য সচিবসকলক এই নিৰ্দেশ দিছে গৃহ মন্ত্ৰণালয়ে।

লগতে গৃহ মন্ত্রণালয়ে কয় যে, পূৰ্ব ঘোষণা কৰা গাইডলাইন কঠোৰভাৱে মানি নচলা পৰিলক্ষিত হৈছে ৰাজ্যসমূহত। কন্টেইমেন জ'ন সমূহত কোভিড প্ৰতিৰোধৰ বাবে বান্ধি দিয়া নিয়মসমূহ সকলোৱে মানিছে নে নাই তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনক।  

টেষ্ট-ট্ৰেক-ট্ৰিট প্ৰট'ক'ল দেশৰ প্ৰতিটো প্ৰান্তত মানি চলাটো অতিকৈ প্ৰয়োজন বুলি উল্লেখ কৰি গৃহ মন্ত্রণালয়ে কয়- কেইখনমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এলেকাত আৰটি-পিচিআৰ টেষ্ট অতি কম পৰিমানত কৰা হৈছে। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এলেকাসমূহত এই টেষ্টসমূহৰ পৰিমান ৭০ শতাংশ বা তাতকৈ অধিকলৈ বৃদ্ধি কৰাৰ বাবে নিৰ্দেশ দিয়ে গৃহমন্ত্রণালয়ে। উল্লেখ্য যে, অহা ৩০ এপ্ৰিল, ২০২১লৈ এই নিয়মসমূহ কঠোৰভাৱে মানিব লাগিব ৰাজ্য চৰকাৰসমূহে।