১লাখ টকাতে ঘৰলৈ লৈ আহক এই ধুনীয়া গাড়ীখন...

পেট্ৰল-ডিজেলৰ চিন্তা নোহোৱাকৈ আপুনি যদি প্ৰায় সকলো সুবিধা থকা এখন গাড়ী চলাব বিচাৰিছে তেন্তে আপোনাৰ বাবেই এই খবৰ। দেশৰ সবাতোকৈ কম দামৰ ইলেট্ৰিক বাহন। দাম কম

author-image
Asomiya Pratidin
New Update
05c8afe3-cadb-4f70-bb32-e26d26dca451

ডিজিটেল ডেস্কঃ পেট্ৰল-ডিজেলৰ চিন্তা নোহোৱাকৈ আপুনি যদি প্ৰায় সকলো সুবিধা থকা এখন গাড়ী চলাব বিচাৰিছে তেন্তে আপোনাৰ বাবেই এই খবৰ। দেশৰ সবাতোকৈ কম দামৰ ইলেট্ৰিক বাহন। দাম কম যদিও আছে সকলো সুবিধা। গাড়ীখনৰ নাম- MG Comet EV.

যদিহে আপোনাৰ দৰমহা ২৫,০০০ৰ পৰা ৩০,০০০হাজাৰ টকাৰ ভিতৰত তেন্তে আপুনি কোনো অসুবিধা নোহোৱাকৈ ক্ৰয় কৰিব এই বাহনখন। প্ৰায় ৭.৩০লাখ টকাৰ এই গাড়ীখন মাত্ৰ ১লাখ টকা ডাউনপেমেন্ট দিয়ে আপুনি লৈ আহিব পাৰিব ঘৰলৈ।

যদিহে আপুনি বেংকৰ জৰিয়তে এই বাহনখন ক্ৰয় কৰে তেন্তে ৫বছৰৰ সময়সীমাৰ জৰিয়তে ১৩হাজাৰ টকা মাহকীয়া কিস্তি হিচাপত এই বাহনখন নিজৰ কৰি লব পাৰে। চাৰিজন মানুহৰ বাবে অতিকৈ আৰামদায়ক এই সৰু গাড়ীখন 17.3 KWhৰ লিথিয়াম-আইৰণ বেটাৰীৰ জৰিয়তে চলে। এবাৰ ছাৰ্জ কৰিলে ২৩০কিলোমিটাৰ চলে এই বাহনখন। অতিকৈ ফাষ্ট চাৰ্জিঙৰ ব্যৱস্থাও আছে বাহনখনত।

যাত্ৰীৰ সুৰক্ষাৰ বাবেও গাড়ীখনত বিশেষ সুবিধা আছে। আগৰ দুটা চিটত আছে এয়াৰবেগৰ সুবিধা। ইলেক্টিক পাৰ্কিং ব্ৰেকৰ লগতে এ বি এছৰ সুবিধাও উপলদ্ধ বাহনখনত। 

ভাৰত