এইবাৰ #MeTooৰ শৰত বিদ্ধ বিশিষ্ট সাংবাদিক বিনোদ ডুৱা

এইবাৰ #MeTooৰ শৰত বিদ্ধ বিশিষ্ট সাংবাদিক বিনোদ ডুৱা

Published on

ডিজিটেল ডেস্কঃ এইবাৰ #MeTooৰ শৰত বিদ্ধ হ'ল বিশিষ্ট সাংবাদিক বিনোদ ডুৱা। 'দ্য ৱায়াৰ'ৰ জ্যেষ্ঠ সাংবাদিক তথা সংবাদ মহলত বলিষ্ঠ ভাৱমুৰ্তিৰ অধিকাৰী বুলি পৰিচিত বিনোদ ডুৱাৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে সংবাদ মহলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

বিগত কেইবাদিনো ধৰি #MeTooৰে সাঙোৰ খাই পৰিছে দেশৰ কেইবাগৰাকীও বিশেষ ব্যক্তি। ছবিজগত, ৰাজনী্তি, খেল কোনোটোৱেই বাদ পৰা নাই #MeTooৰ কবলৰ পৰা। তেনে এক সময়তে এইবাৰ সাংবাদিক বিনোড ডুৱাৰ বিৰুদ্ধে যৌন আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে যশস্বী চলচ্ছিত্ৰ নিৰ্মাতা নিশিথা জৈনে।

এটা ফেচবুক পোষ্টৰ জৰিয়তে নিশিথা জৈনে তেওঁৰ ওপৰত সাংবাদিকগৰাকীয়ে চলোৱা নিৰ্যাতনৰ কথা ব্যক্ত কৰে। সুদীৰ্ঘ ফেচবুক পোষ্টটোত ছবি নিৰ্মাতাগৰাকীয়ে ডুৱাৰ সৈতে চিনাকি হোৱাৰ পৰা চাকৰিৰ ইন্টাৰভিউৰ নামত চলোৱা নিৰ্যাতনলৈকে সবিস্তাৰে বৰ্ণনা কৰে। বিনোদ ডুৱাই তেওঁক নিয়মিত ভাৱে অশ্লীল ইংগিত দিয়াৰ লগতে গোপনে তেওঁক অনুসৰণ কৰি শাৰিৰীক সম্পৰ্ক স্থাপনক চেষ্টা চলোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ছবি নিৰ্মাতাগৰাকীয়ে।

উল্লেখ্য যে, বিনোদ ডুৱাৰ কন্যা মল্লিকা ডুৱাৰ সৈতে এবাৰ যৌন বিদ্বেষমূলক আচৰণ কৰাৰ কাৰণে অভিনেতা অক্ষয় কুমাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল পিতৃ-কন্যা। কিন্তু এইবাৰ খোদ ডুৱাৰ বিৰুদ্ধে এগৰাকী যশস্বী চলচ্ছিত্ৰ নিৰ্মাতাই উত্থাপন কৰা নিৰ্যাতনৰ অভিযোগৰ পিছতো বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই বিশিষ্ট সাংবাদিক বিনোদ ডুৱা আৰু মল্লিকা ডুৱাই।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in