#MeToo: মোদী চৰকাৰৰ মন্ত্ৰী আকবৰৰ বিৰুদ্ধে একগোট দেশৰ ২০ মহিলা সাংবাদিক

#MeToo: মোদী চৰকাৰৰ মন্ত্ৰী আকবৰৰ বিৰুদ্ধে একগোট দেশৰ ২০ মহিলা সাংবাদিক

author-image
asomiyapratidin
New Update
#MeToo, প্ৰথমবাৰ মুখ খুলিলে এম জে আকবৰে, তদন্তৰ পিছতহে কৰিব পদত্যাগ

ডিজিটেল ডেস্কঃ পদত্যাগ কৰিব বুলি কৈয়ো শেষ মুহূৰ্তত সিদ্ধান্ত সলনি কৰা কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰ সন্মুখীন হৈছে অধিক সংকটৰ। #MeTooৰ শৰত বিদ্ধ হৈ সাংবাদিক প্ৰিয়া ৰমানিৰ বিৰুদ্ধে মানহানি গোচৰ তৰাৰ এদিন পিছতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে একগোট হৈ যুদ্ধ আৰম্ভ কৰিছে ২০ মহিলা সাংবাদিকে।

Advertisment

আটাইকেইগৰাকী মহিলা সাংবাদিকে ভিন্ন সময়ত একালৰ মহাপ্ৰতাপী সাংবাদিক তথা বৰ্তমান মোদী চৰকাৰৰ মন্ত্ৰীগৰাকীৰ হাতত নিৰ্যাতিত হৈছিল বুলি মুকলিকৈ দাবী কৰা কাৰ্যই শাসনাধিষ্ঠিত দলটোক বাৰুকৈয়ে শলঠেকত পেলাইছে। সিমানেই নহয়, আটাইকেইগৰাকী মহিলা সাংবাদিকে আকবৰৰ বিৰুদ্ধে আদালতত সাক্ষ্য দিবলৈকো সাজু হৈছে।

নব্বৈৰ দশকত এছিয়ান এজ কাকতত আকবৰৰ সৈতে একেলগে কাম কৰা সাংবাদিককেইগৰাকী এক যৌথ বিবৃতিও প্ৰদান কৰে। 'আদালতৰ ওচৰত আমাৰ আবেদন, মানহানিৰ গোচৰৰ বিচাৰ কৰাৰ সময়ত আৰু এটা বিষয়ক গুৰুত্ব দিয়া হওক। তাৰ বাবে উক্ত ঘটনালৰ সাক্ষীসকলৰ ভাষ্য শুনাৰো ব্যৱস্থা কৰা হওক।'-এইদৰে উল্লেখ কৰিছে বিবৃতিটোত।

ইফালে কেন্দ্ৰীয় বিদেশ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলে তীব্ৰ ভাষাৰে পত্ৰ প্ৰেৰণ কৰিছে মহিলা সাংবাদিকৰ সংগঠন ফাউণ্ডেশ্যন অব মিডিয়া প্ৰফেশ্যনেলছ এণ্ড গ্ৰেটাৰ মুম্বাই ইউনিয়ন অব জাৰ্নেলিষ্টে। প্ৰিয়া ৰমানিৰ বিৰুদ্ধে ৰুজু কৰা মানহানি গোচৰ উঠাই ল'বলৈকো দাবী জনাইছে সংগঠনটোৱে।