বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী  : অনাগত ৪৮ ঘন্টাৰ ভিতৰত বিভিন্ন ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা

দেশৰ শেহতীয়া বতৰক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। উত্তৰ-পূৰ্বাঞ্চলকে ধৰি দেশৰ বহু ৰাজ্যত আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত প্ৰচণ্ড বৰষুণ অহা সম্ভাৱনা ব্যক্ত কৰিছে দেশৰ বতৰ বিজ্ঞান বিভাগে।

author-image
Asomiya Pratidin
New Update
web botor

ডিজিটেল ডেস্ক : দেশৰ শেহতীয়া বতৰক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। উত্তৰ-পূৰ্বাঞ্চলকে ধৰি দেশৰ বহু ৰাজ্যত আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত প্ৰচণ্ড বৰষুণ অহা সম্ভাৱনা ব্যক্ত কৰিছে দেশৰ বতৰ বিজ্ঞান বিভাগে।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা আগলি বতৰা অনুসৰি; হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু-কাশ্মীৰ, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আদি বহু অঞ্চলত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। একেদৰে অসমকে ধৰি উত্তৰ- পূবৰ ৰাজ্যসমূহতো কম- বেছি পৰিমাণে বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি উল্লেখ কৰে। 

অৱশ্যে কেতবোৰ অঞ্চলত বৰষুণৰ উপৰি বজ্ৰপাতো হ’ব পাৰে। আনহাতে বিহাৰ, ঝাৰখণ্ডৰ কিছু অঞ্চলত মধ্যমীয়া  বৰষুণ অহাৰ আশংকা ব্যক্ত কৰে। উল্লেখযোগ্য যে, উত্তৰাখণ্ড আৰু পূব ৰাজস্থানত ৭ ছেপ্টেম্বৰলৈকে ধাৰাসাৰ বৰষুণ আহিব পাৰে বুলি সতৰ্কবাণী জাৰি কৰে বতৰ বিজ্ঞান কেন্দ্ৰই।

অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা সঠিক প্ৰমাণিত নহয়। কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই পঞ্জাৱত প্ৰচণ্ড বৰষুণ অহাৰ আশংকা ব্যক্ত কৰিছিল যদিও,বাতৰি লিখা পৰলৈকে ৰাজ্যখনত বৰষুণৰ বিপৰীতে প্ৰখৰ ৰ'দ দি থকাৰ কথাহে জানিব পৰা গৈছে। 

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ বতৰ বিজ্ঞান কেন্দ্ৰ