/asomiyapratidin/media/media_files/2025/12/13/new-ap-web-3-29-2025-12-13-19-16-58.jpg)
ডিজিটেল ডেস্কঃ কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত আহিছিল ফুটবলাৰ মেছি। নিৰ্ধাৰিত সময়তকৈ ১০ মিনিট আগতেই খেলপথাৰৰ পৰা মেছিগুচি যোৱাৰ বাবে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় কলিকতাত। প্ৰিয় তাৰকাগৰাকীক দেখা নোপোৱাৰ ক্ষোভ অনুৰাগীৰ। ৫০ হাজাৰৰ উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰে ষ্টেডিয়ামৰ আসন। মাত্ৰ ৫০ হেজাৰৰ ভিৰক নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হ'ল কলকাতা প্ৰশাসন, মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰ।
/asomiyapratidin/media/post_attachments/b2c1b84d-36d.png)
উল্লেখ্য যে, কলকাতাত কিংবদন্তি ফুটবলাৰ লিয়’নেল মেছিক চাবলৈ নোপোৱাৰ ক্ষোভ উজাৰিলে অসমৰ যুৱকে। সামাজিক মাধ্যমত মন্তব্য আগবঢ়াই কৈছে যে- অসমতো এনেদৰে বিভিন্ন সময়ত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত হৈ গৈছে। কিন্তু অসম চৰকাৰে প্ৰশাসনৰ সহায়ত সুচাৰুৰূপে পৰিচলনা কৰিবলৈ সক্ষম হৈছে । সেয়া লাগিলে অসমৰ বৰ্ষাপাৰাত হৈ যোৱা ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ টেষ্ট ক্ৰিকেটৰ মেছেই নহওঁক কিয়। ইপিনে অন্যান্য ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেল অন্যান্য খেল সমূহেই হওঁক। ইপিনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত অসমত ১০ লক্ষাধিক জনতাই যেতিয়া অসমৰ হিয়াৰ আমঠুক শেষ বাৰৰ বাবে চাবলৈ ভিৰ কৰিছিল।তেতিয়াও অসম চৰকাৰৰ সুদক্ষ নেতৃত্বত অসম প্ৰশাসনে নিয়ন্ত্ৰণ কৰিছিল বিশাল জনগণৰ ভিৰ।শেহতীয়াকৈ অসমলৈ আন্তঃৰাষ্ট্ৰীয় তাৰকা প'ষ্ট মেলন অহাৰ সময়তো প'ষ্ট মেলনৰ অনুৰাগীসমূহৰ ভিৰক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল অসম প্ৰশাসন।
/asomiyapratidin/media/post_attachments/ea2eccf1-b98.jpg)
প্ৰণিধানযোগ্য যে, এইখিনিতে প্ৰতিফলিত হয় দুখন ৰাজ্যৰ দুখন বিপৰীত ছবি । এখনত চৰকাৰ দক্ষ আৰু আনখনত চূড়ান্ত ভাৱে বিফলতাৰ দৃশ্য।কলকাতাত মেছিৰ কাষে কাষে ৰাজনৈতিক ব্যক্তি ঘূৰি ফুৰাৰ ফলশ্ৰুতিত এই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। পূৰ্বে আই পি এলত আৰ চি বি জিকাৰ সময়ত হোৱাৰ পৰিস্থিতিৰ আঁৰতো আছিল এই ভি আই পি কালচাৰ।আন ভিআইপিৰ সৈতে মেছিয়ে ষ্টেডিয়াম এৰি যোৱাৰ সিদ্ধান্ত লয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us