মেৰাপানীৰ সীমান্তত বাঘৰ আতংক

মেৰাপানী ভেলৌগুৰি জয়পুৰ গাঁৱৰ বাবু দাস নামৰ এজন ব্যক্তিৰ ঘৰত বাঘে ডিঙিত কামুৰি মাৰিলে এটা কুকুৰৰ পোৱালি। আনহাতে বাঘটোৱে আন এটা প্ৰাপ্ত বয়ষ্ক কুকুৰকো আক্ৰমণ কৰি আহত কৰে। 

author-image
Asomiya Pratidin
New Update
badghasisdhasosdjoa

ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানী সীমান্তত এইবাৰ বাঘৰ আতংক দেখিবলৈ পোৱা গৈছে। মেৰাপানী ভেলৌগুৰি জয়পুৰ গাঁৱৰ বাবু দাস নামৰ এজন ব্যক্তিৰ ঘৰত বাঘে ডিঙিত কামুৰি মাৰিলে এটা কুকুৰৰ পোৱালি। আনহাতে বাঘটোৱে আন এটা প্ৰাপ্ত বয়ষ্ক কুকুৰকো আক্ৰমণ কৰি আহত কৰে। 

অনুমান কৰা মতে, চুবুৰীয়া নগা পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বাঘটোৱে বিগত এসপ্তাহ ধৰি সীমান্ত অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি আহিছে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, নাহৰফুটুকী প্ৰজাতিৰ বাঘটোৱে বিগত সময়ত নগা পাহাৰৰ ফালে গৰু-ছাগলী ভক্ষণ কৰাৰ পাছত নিশা হ'লেই চুবুৰীয়া গাঁৱত প্ৰৱেশ কৰি খাদ্যৰ সন্ধানত নামি পৰে।

স্থানীয় লোকে এই ক্ষেত্ৰত বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰি বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ আহ্বান জনাইছে। সম্প্ৰতি বাঘৰ আতংকত এতিয়া ফুট গধুলিতে ভাত খাই ঘৰ দুৱাৰ মাৰি সোমাব লগা হৈছে ৰাইজ।

বাঘৰ আক্ৰমণ বাঘ