/asomiyapratidin/media/media_files/2025/12/03/3-2025-12-03-14-46-47.jpg)
ডিজিটেল সংবাদ,মেৰাপানীঃ দিনক দিনে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস। কিছুদিন পূৰ্বে একাধিক গৰু চুৰি হোৱাৰ পাছত এইবাৰ তামোল গছত চোৰৰ চকু। ১ নং নেঘেৰিবিল গাঁৱত চলিছে চোৰৰ উপদ্ৰৱ। আন্ধাৰৰ সুযোগ লৈ গাঁওখনৰ দিগন্ত নাথৰ তামোলৰ বাৰীৰ ২৫ জোপা তামোল গছৰ পৰা চোৰে চুৰ কৰিলে তামোল ।
/asomiyapratidin/media/post_attachments/828f9ba9-86d.png)
উল্লেখযোগ্য যে,১ নং নেঘেৰিবিল গাঁৱৰ সমিপৰ ২ নং নেঘেৰিবিল গাঁৱত শেহতীয়াকৈ উচ্ছেদ অভিযান চলোৱাৰ পাছৰে পৰা স্থানীয় অঞ্চলটোত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ ধৰিছে। তামোলৰ গৰাকী দিগন্ত নাথৰ মতে কোনো উচ্ছেদিত লোকেই এই চুৰি কাৰ্য্যত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে।
/asomiyapratidin/media/post_attachments/85fac42a-6d3.png)
ইফালে ২ নং নেঘেৰিবিল গাঁৱৰ উচ্ছেদস্থলীত দিনে নিশাই আৰক্ষী চিআৰপিএফৰ পহৰা থকাৰ পাছতো চোৰৰ দল কেনেকৈ প্ৰৱেশ কৰে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে সাধাৰণ ৰাইজৰ মনত। চোৰৰ উপদ্ৰৱ ৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে ।
/asomiyapratidin/media/post_attachments/4bca86fc-4d8.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us