/asomiyapratidin/media/media_files/2025/08/16/web-ap-naga-2025-08-16-10-35-07.jpg)
ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ দিনটোতে অসমৰ যুৱকলৈ গুলী চালনা কৰা নগা দুৰ্বৃত্তক নিশাই আটক কৰিলে নগা আৰক্ষী আৰু চি আৰ পি এফে। উল্লেখ্য যে, শুকুৰবাৰে স্বাধীনতা দিৱসৰ দিনটোতেই অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীত বনভোজ খাবলৈ যোৱা তিনিজনকৈ অসমৰ যুৱকক লক্ষ্য কৰি গুলীয়াইছিল নগা দুৰ্বৃত্তই।
নাগালেণ্ডৰ সীমা ৰেখাৰ ভিতৰত বনভজ খোৱাৰ অপৰাধতে এইদৰে মুকলিকৈ গুলী চালনা কৰাত অসমৰ এজন যুৱক গুৰুতৰভাৱে আহত হয়। আনহাতে তেওঁৰ আন দুই সতীৰ্থকো গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে নগা দুৰ্বৃত্তৰ দলটোৱে।
এই ঘটনাই মেৰাপানীত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে বিভিন্ন দল, সংগঠনকো ক্ষোভিত কৰি তোলে। শীঘ্ৰেই দোষীক কৰায়ত্ত কৰি কঠোৰ ব্যৱস্থা নকৰিলে মেৰাপানীত নগাৰ প্ৰবেশো বন্ধ কৰি দিয়াক হুংকাৰ দিয়ে বীৰ লাচিত সেনাই। কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও নগাৰ এনে দৌৰাত্ম্যক ধিক্কাৰ দি সীমান্তত অসমীয়াৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনায়।
এনে পৰিস্থিতিৰ মাজতে নিশা গোলাঘাট আৰক্ষীৰ তৎপৰতাত নগা আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযানত আটক কৰা হয় তিনি নগা দুৰ্বৃত্তক। ধৃত তিনি নগা দুৰ্বৃত্ত ক্ৰমে টাখাই চুমি, হনিট’ য়েপথমি আৰু কাহ’চা থিমো।
এইদৰে অতি ক্ষীপ্ৰতাৰে তদন্ত কৰি তিনি দুৰ্বৃত্তক কৰায়ত্ত কৰাত এতিয়া বীৰ লাচিত সেনাই নগাৰ বিৰুদ্ধে মেৰাপানীত প্ৰৱেশত বাধা দিয়াৰ যি হুংকাৰ প্ৰদান কৰিছিল, সেয়া সাময়িক ভাৱে স্থগিত ৰাখিছে। উল্লেখ্য মেৰাপানী সীমান্তত নগাৰ এনে উদ্ভণ্ডালি এয়াই প্ৰথম নহয়।
অসমৰ ভূমিত প্ৰৱেশ কৰি অসমৰ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰাৰ উপৰিও অসম, অসমীয়াৰ সম্পত্তি ধ্বংস, আক্ৰমণ আদিৰ দৰে ঘটনা প্ৰায়েই সুলভ হৈ আহিছে। তাৰ মাজতেই স্বাধীনতা দিৱসৰ দিনটোতে অসমৰ তিনিজনকৈ যুৱকক আক্ৰমণ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে।
অসমৰ ভুক্তভোগী তিনি যুৱকে জনোৱা মতে তেওঁলোকে কদমগুৰি অঞ্চলৰ পৰা সমীপৰে নাগালেণ্ডৰ ৰুণীবস্তিত বনভোজ খাবলৈ গৈছিল। বনভোজ খাই ঘৰলৈ ঘূৰি আহিবলৈ লোৱাৰ সময়তে নগাৰ এটা দলে তেওঁলোকক আগভেচি ধৰে।
তাৰ পাছতেই কোনো কাৰণ নোহোৱাকৈ তেওঁলোকক উপৰ্যপুৰি প্ৰহাৰ কৰে। অসমৰ যুৱক চিমচাত বসুমতাৰী আৰু সুব্ৰত নায়কক বেয়াকৈ মাৰধৰ কৰা প্ৰত্যক্ষ কৰি প্ৰকাশ বড়ো নামৰ যুৱকজনে সেই স্থানৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে তেওঁক এয়াৰ গানেৰে গুলী কৰে।
ফলত গুলীবিদ্ধ প্ৰকাশ বড়োৰ যথেষ্ট ৰক্তক্ষৰণ হয়। পৰৱৰ্তী সময়ত কোনো মতে সেই স্থানৰ পৰা তিনিও পলাই আহি মেৰাপানীৰ সমূহীয়া চিকিৎসালয়ত উপস্থিত হয়। এই চিকিৎসালয়খনত তেওঁলোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে গোলাঘাট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তাতেই তেওঁলোক চিকিৎসাধীন হৈ আছে।