গোলাঘাট পৰিষদীয় সমষ্টিৰ পঞ্চায়ত এলেকাত ১১ টা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন

সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে পৰিষদৰ প্ৰতিটো সমষ্টিত তুংগত উঠিছে এতিয়া বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন প্ৰক্ৰিয়া।

author-image
Asomiya Pratidin
New Update
new ap web  2 (4)

ডিজিটেল সংবাদ, মেৰাপানীঃ সমাগত সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে পৰিষদৰ প্ৰতিটো সমষ্টিত এতিয়া তুংগত উঠিছে বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন প্ৰক্ৰিয়া। 

image (20)

উল্লেখ্য যে গোলাঘাট পৰিষদীয় সমষ্টিটোৰ কাৰ্য্যবাহী সদস্য ৰাজু সোণোৱালৰ নেতৃত্বত অব্যাহত আছে উন্নয়নৰ ধাৰা। আজি সমষ্টিটোৰ অৰুণাচল, তৰানি আৰু মক্ৰং গাঁও পঞ্চায়ত এলেকাত সৰ্বমুঠ ১১ টা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে কাৰ্যবাহী সদস্য ৰাজু সোণোৱালে। 

image (23)

তাৰোপৰি এই আঁচনিত অন্তৰ্ভুক্ত আছে একাংশ নামঘৰ আৰু মুকলি মঞ্চ। অনুস্থানসমূহত কাৰ্যবাহী সদস্য ৰাজু সোণোৱালক সংগ দিয়ে গোলাঘাট জিলা বিজেপিৰ উপ-সভাপতি পোনা বৰা আৰু দৈয়াং জিলা পৰিষদক সদস্য প্ৰশান্ত চুতীয়াই। 

image (22)

আনফালে কাৰ্যবাহী সদস্য ৰাজু সোণোৱালে সদৰী কৰা অনুসৰি আগন্তুক দিনত সমষ্টিটোৰ উন্নয়নৰ গতি আৰু অধিক গতিশীল কৰাৰ স্বাৰ্থত চেষ্টা অব্যাহত থাকিব।

image (21)

মেৰাপানী