ভূমিপট্টাৰ দাবীত মেৰাপানীৰ ৰাজপথ কঁপালে শতাধিক ৰাইজে

গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনটোতেই গোলাঘাট জিলাৰ সীমান্তৱৰ্তী দৈয়াং অঞ্চলৰ ৰাইজে ভূমিপট্টা বিচাৰি মেৰাপানীত কঁপালে ৰাজপথ।

author-image
Asomiya Pratidin
New Update
xzxzxzxz

ডিজিটেল সংবাদ, মেৰাপানীঃ গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনটোতেই গোলাঘাট জিলাৰ সীমান্তৱৰ্তী দৈয়াং অঞ্চলৰ ৰাইজে ভূমিপট্টা বিচাৰি মেৰাপানীত কঁপালে ৰাজপথ। দৈয়াং অঞ্চলৰ ৰাইজক ভূমিপট্টা প্ৰদান কৰা আৰু অসম নগালেণ্ড সীমা সমস্যা সমাধান কৰাৰ দাবীত শতাধিক কৃষকে আজি এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে। 

Capturehthghgh

বীজপাম মেৰাপানী ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰথমে প্ৰতিবাদকাৰী সকলে মেৰাপানী টাউনৰ মাজেৰে এক প্ৰতিবাদী সমদলো বাহিৰ কৰে। পাছত মেৰাপানী আৰক্ষী থানাৰ সন্মুখত অৱস্থান কৰি প্ৰতিবাদকাৰী সকলে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। অৱস্থান কাৰ্য্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াৰ লগতে সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ সহকাৰী সম্পাদক খিৰোদ কুমাৰ দাসো উপস্থিত থাকে।

Capturemhjhjh

এই প্ৰতিবাদী সভাখনত প্ৰতিজন বক্তাই স্থানীয় বিধায়ক তথা বিত্তমন্ত্ৰী অজন্তা নেওগে দৈয়াংবাসীক ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত তিলমানো গুৰুত্ব নিদিয়া বুলি ক্ষুৰধাৰ সমালোচনা কৰে। ভূমিপট্টা নোপোৱা পৰ্য্যন্ত দৈয়াংবাসীয়ে একত্ৰিত ভাৱে গণতান্ত্ৰিক আন্দোল চলাই যাব বুলিও চৰকাৰক সকীয়াই দিয়ে।

মেৰাপানী