নেঘেৰিবিলৰ উচ্ছেদিত ভূমি পৰিদৰ্শন বন বিভাগৰ মুখ‍্য সচিবৰ...

গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰৰ নেঘেৰিবিলৰ উচ্ছেদিত ভূমি পৰিভ্ৰমণ কৰে অসম চৰকাৰৰ বন বিভাগৰ মুখ্য সচিব এম কে যাদৱ আৰু বন বিভাগ আৰক্ষীৰ অধিনায়ক দেৱজিত দেউৰীৰ লগতে চি আৰ পি এফৰ সঞ্চালক প্ৰধানে ।

author-image
Asomiya Pratidin
New Update
ujj

ডিজিটেল সংবাদ, মেৰাপানীঃ গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰৰ নেঘেৰিবিলৰ উচ্ছেদিত ভুমি পৰিভ্ৰমণ কৰে অসম চৰকাৰৰ বন বিভাগৰ মুখ্য সচিব এম কে যাদৱ আৰু বন বিভাগ আৰক্ষীৰ অধিনায়ক দেৱজিত দেউৰীৰ লগতে চি আৰ পি এফৰ সঞ্চালক প্ৰধানে । 

উল্লেখ‍্য যে যোৱা ৮ আগষ্ট তাৰিখে প্ৰথম পয‍্যায়ত ১৪৬ টা সন্দেহ যূক্ত লোকৰ গৃহ উচ্ছেদ কৰিছিল আৰু বাকী ৫৯ টা পৰিয়ালৰ উচ্চতম ন‍্যায়লয়ৰ স্থগিতাদ্দেশ দিয়াত সাময়িক ভাৱে অসম প্ৰশাসনে উচ্ছেদ স্থগিত ৰাখে । মন কৰিবলগীয়া যে উচ্ছেদিত পৰিয়াল সমুহ উচ্ছেদৰ পুৰ্বে উক্ত স্থানৰ আতৰি গৈছিল যদিও শেহতীয়াকৈ পুনৰ কিছুলোক উভতি অহা পৰিলক্ষিত হৈছে ।  

উচ্ছেদিত লোক সকল নেঘেৰি বিললৈ উভতি অহাৰ সন্দৰ্ভত অসম চৰকাৰৰ বন বিভাগৰ মুখ‍্য সচিব এম কে যাদৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় । সমগ্ৰ ঘটনা মুখ্য মন্ত্ৰীৰ লগতে উচ্চ ন্যায়ক অৱগত কৰা হব ৷

উচ্ছেদ