মেৰাপানীত অবৈধ কাঠ ফলা মিল জব্দ...

গোলাঘাট জিলাৰ জামুগুৰি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ মেৰাপানীৰ ৪ নং তৰাণিৰ মাজগাঁওত শনিবাৰে বন বিভাগে এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়

author-image
Asomiya Pratidin
New Update
608

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ জামুগুৰি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ মেৰাপানীৰ ৪ নং তৰাণিৰ মাজগাঁওত শনিবাৰে বন বিভাগে এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে দৈয়াং বনাঞ্চলৰ অন্তৰ্গত ৪ নং তৰাণিৰ বিমান শইকীয়া নামৰ এজন ব্যক্তিয়ে প্ৰায় পোন্ধৰ দিনমানৰ পূৰ্বে অবৈধভাৱে কাঠমিলটো স্থাপন কৰি কাঠ কটা থকা খবৰ বন বিভাগে লাভ কৰাৰ পাছতেই শনিবাৰে Protection Ranger, আঞ্চলিক বন বিষয়াসহ বন বিভাগৰ এটা দলে অভিযান চলাই কাঠমিলটো জব্দ কৰে।

ঘটনাৰ সন্দৰ্ভত বন বিভাগে কোনো লোকক আটক কৰা নাই যদিও তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে। 

মেৰাপানী