সদৌ অসম অস্থায়ী চিকিৎসা কৰ্মীৰ প্ৰতিবাদ, মেৰাপানীত ২জনৰ মুণ্ডন

সোমবাৰে মেৰাপানী সমূহীয়া চিকিৎসালয়ত কৰ্মৰত একাংশ অস্থায়ী চিকিৎসা কৰ্মীয়েও চিকিৎসালয়খনৰ সন্মুখত অভিনৱ প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।

author-image
Asomiya Pratidin
New Update
addcfrfdcxc

ডিজিটেল সংবাদ, মেৰাপানীঃ সদৌ অসম অস্থায়ী চিকিৎসা কৰ্মী সংস্থাই নিজা প্ৰাপ্যৰ দাবীত ৰাজ্যজুৰি অব্যাহত ৰাখিছে প্ৰতিবাদ। মহানগৰীৰ চচলত সংস্থাটোৱে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সমান্তৰালভাৱে প্ৰতিখন জিলাৰ গ্ৰামাঞ্চলৰ চিকিৎসালয় সমূহতো প্ৰতিবাদ সাব্যস্ত কৰে। 

সোমবাৰে মেৰাপানী সমূহীয়া চিকিৎসালয়ত কৰ্মৰত একাংশ অস্থায়ী চিকিৎসা কৰ্মীয়েও চিকিৎসালয়খনৰ সন্মুখত অভিনৱ প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। চিকিৎসালয়খনৰ দুজন অস্থায়ী চিকিৎসা কৰ্মীয়ে মুণ্ডনৰ জৰিয়তে নিজা প্ৰাপ্য বিচাৰি চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। 

বছৰ বছৰ ধৰি চৰকাৰৰ পৰা ফুটাকড়ি এটা নোপোৱাকৈ নিয়াৰিকৈ কৰ্তব্য সম্পাদন কৰা অস্থায়ী চিকিৎসা কৰ্মীসকল সম্প্ৰতি আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে। চিকিৎসালয় পৰিচালনা সমিতিসমূহে দিয়া নামমাত্ৰ পাৰিতোষিকৰে দুবেলা দুমুঠি ভাত মোকলাবলৈ অসমৰ্থ হৈ পৰিছে দুৰ্ভগীয়া চিকিৎসা কৰ্মী সকল। আগন্তুক দুৰ্গাপূজাৰ প্ৰাকমুহূৰ্তত চৰকাৰে এইক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে অস্থায়ী চিকিৎসা কৰ্মীসকলে আৰু অধিক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি জানিবলৈ দিয়ে।

মেৰাপানী