নগাৰ আগ্ৰাসন ৰোধত ব্যৰ্থ চৰকাৰ ! মেৰাপানীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী

সোমবাৰে সন্ধিয়া মেৰাপানীত গোলাঘাট জিলা কংগ্ৰেছ আৰু গমাৰিগুৰি ব্লক কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-01 at 7.34.18 PM

ডিজিটেল সংবাদ, মেৰাপানীঃ সোমবাৰে সন্ধিয়া মেৰাপানীত গোলাঘাট জিলা কংগ্ৰেছ আৰু গমাৰিগুৰি ব্লক কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। মেৰাপানী সীমান্তত নগাৰ আগ্ৰাসন ৰোধ কৰাত শাসনাধিষ্ঠ চৰকাৰখন ব্যৰ্থ হোৱাৰ অভিযোগ তুলি মেৰাপানী টাউনৰ মাজমজিয়াত এক প্ৰতিবাদী সমদল কৰে শতাধিক কংগ্ৰেছ কৰ্মীয়ে। 

নগাৰ অবাধ আগ্ৰাসনৰ সময়ত স্থানীয় বিধায়ক অজন্তা নেওগ ক'ত হেৰাল বুলি প্ৰশ্ন কৰি মন্ত্ৰী অজন্তা নেওগৰ পুত্তলিকা দাহ কৰে কংগ্ৰেছ কৰ্মীসকলে। বিগত পাঁচটা কাৰ্য্যকালত একেধাৰে গোলাঘাট বিধানসভা সমষ্টিৰ বিধায়ক হৈয়ো দৈয়াংবাসীক ভূমিপট্টা দিব নোৱাৰাৰ বাবে অজন্তা নেওগক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ কৰ্মীসকলে। প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে মেৰাপানীৰ আকাশ বতাহ কঁপাই তোলে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্য্যনিৰ্বাহক দীপাংকৰ বৰাৰ নেতৃত্বত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীটোত গমাৰিগুৰি ব্লক কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে।

মন্ত্ৰী অজন্তা নেওগ