মেৰাপানীত আঢ়ৈ বছৰীয়া এটি কন্যা শিশুৰ সলিল সমাধি...

পিতৃ-মাতৃয়ে বহু বিচাৰ খোচাৰ কৰি বাৰীৰ পুখুৰীত উপঙি থকা অৱস্থাত সন্তানটি প্ৰত্যক্ষ কৰে। ততাতৈয়াকৈ সন্তানটিক মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, মেৰাপানী: মেৰাপানীৰ চলংপথাৰ গাঁৱত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। ঘৰৰ চৌহদৰ পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱটিব লগাত পৰিছে আঢ়ৈ বছৰীয়া এটি কন্যা শিশুৱে। গাঁওখনৰ বিমান কৰ্মকাৰ আৰু ৰাধা কৰ্মকাৰৰ একমাত্ৰ কন্যা সন্তানটি চোতালতে খেলি থকা অৱস্থাত পিতৃ মাতৃৰ অজ্ঞাতে সমীপতে থকা পুখুৰীত পৰে।

Advertisment

পাছত পিতৃ-মাতৃয়ে বহু বিচাৰ খোচাৰ কৰি বাৰীৰ পুখুৰীত উপঙি থকা অৱস্থাত সন্তানটি প্ৰত্যক্ষ কৰে। ততাতৈয়াকৈ সন্তানটিক মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। কণমানি সন্তানটিৰ অকাল মৃত্যুত সম্প্ৰতি অঞ্চলটোত শোকাকুল পৰিবেশে বিৰাজ কৰিছে।

মেৰাপানী