মেৰাপানীৰ বাইথ' মন্দিৰত খ্ৰীং খ্ৰীং বাইথ' পূজা উদযাপন

বৰ্ণিল কাৰ্যসূচীৰে মেৰাপানীৰ ৪ নং তৰাণি বিশ্ৰামপূৰ বাইথ' মন্দিৰত সোমবাৰে উদ্‌যাপন কৰা হয় খ্ৰীং খ্ৰীং বাইথ' পূজা। পৰম্পৰাগত অনুষ্ঠান আৰু ধৰ্মীয় ভক্তিৰে মুখৰিত হৈ উঠে সমগ্ৰ অঞ্চল।

author-image
Asomiya Pratidin
New Update
REFESF

ডিজিটডেল সংবাদ, মেৰাপানীঃ বৰ্ণিল কাৰ্যসূচীৰে মেৰাপানীৰ ৪ নং তৰাণি বিশ্ৰামপূৰ বাইথ' মন্দিৰত সোমবাৰে উদ্‌যাপন কৰা হয় খ্ৰীং খ্ৰীং বাইথ' পূজা। পৰম্পৰাগত অনুষ্ঠান আৰু ধৰ্মীয় ভক্তিৰে মুখৰিত হৈ উঠে সমগ্ৰ অঞ্চল।

পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত আৰম্ভ হয় পূজাৰ কাৰ্যসূচী। ধৰ্মীয় নীতি-নিয়ম মানি বাইথ' দেৱতাক আৰাধনা কৰি শান্তি, সমৃদ্ধি আৰু কল্যাণ কামনা কৰে ৰাইজে। এই পূজাৰ লগত সংগতি ৰাখি আয়োজিত কৰা হয় সাংস্কৃতিক কাৰ্যসূচীৰো। ঢোল, পেঁপা আৰু পৰম্পৰাগত নৃত্য-গীতৰ মাধ্যমেৰে সোণোৱাল কছাৰী জনগোষ্ঠীৰ চহকী সংস্কৃতিৰ প্ৰতিফলন দেখা যায়। সোনোৱাল কছাৰী যুৱক-যুৱতী সকলেও উৎসাহেৰে অংশগ্ৰহণ কৰি অনুষ্ঠানটো অধিক আকৰ্ষণীয় কৰি তোলে।

উল্লেখযোগ্য যে, খ্ৰীং খ্ৰীং বাইথ' পূজা সোণোৱাল কছাৰী সকলৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ। ই সমাজত ঐক্য, ভাতৃত্ববোধ আৰু সংস্কৃতি সংৰক্ষণৰ বাৰ্তা বহন কৰে। আনহাতে, অসমৰ ভূমিপুত্ৰ সকলৰ এই ধৰ্মীয় উৎসৱৰ দিনটোত চৰকাৰী ভাৱে বন্ধ দিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে সোণোৱাল কছাৰীৰ লোক সকলে । 

মেৰাপানী