নাগালেণ্ডত অসমীয়াৰ প্ৰৱেশত কঠোৰ নিয়ম, উলংঘাত ৫০ হাজাৰ টকাৰ জৰিমনা

মেৰাপানী সীমান্তত এইবাৰ পুনৰ অসমীয়া লোকলৈ জাননী জাৰি কৰিলে নগাই। এতিয়াৰে পৰা চুবুৰীয়া অসমীয়া লোকে নাগালেণ্ডত প্ৰৱেশ কৰিবলৈ হ'লে মানি চলিব লাগিব একাধিক নিয়ম। 

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2.0vvvvvvvvvvvvv

ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানী সীমান্তত এইবাৰ পুনৰ অসমীয়া লোকলৈ জাননী জাৰি কৰিলে নগাই। এতিয়াৰে পৰা চুবুৰীয়া অসমীয়া লোকে নাগালেণ্ডত প্ৰৱেশ কৰিবলৈ হ'লে মানি চলিব লাগিব একাধিক নিয়ম। 

Advertisment

WhatsApp Image 2025-08-26 at 6.01.55 PM

মেৰাপানী সীমান্তৰ নগালেণ্ডৰ এঘাৰখনকৈ ভিলেইজ কাউঞ্চিলে অসমীয়া লোকক উদ্দেশ্যি জাৰি কৰিছে নটাকৈ নিয়ম বান্ধি দিয়া জাননী। এই নিয়মসমূহ উলংঘা কৰি কোনো লোকে নাগালেণ্ডত প্ৰৱেশ কৰিলে ভৰিব লাগিব নগদ ৫০,০০০ টকা জৰিমনাৰ লগতে বিধিগত শাস্তি। কেৱল মানুহেই নহয় অসমীয়া লোকৰ পোহনীয়া গৰু, ছাগলী কোনো কাৰণত নাগালেণ্ডত প্ৰৱেশ কৰিলেও গৰাকীয়ে ভৰিব লাগিব বৃহৎ জৰিমনা।  

Capturevvvvv
তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল-সংগঠনে

আনহাতে, এই জাননী অনুসৰি আন্তঃৰাজ্যিক পাৰপত্ৰ অথবা ভিলেইজ কাউঞ্চিলৰ অনুমতি অবিহনে কোনো অসমীয়া লোকে প্ৰৱেশ কৰিব নোৱাৰিব। সম্প্ৰতি এই ঘটনাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মেৰাপানী সীমান্তত। জাননীখনত এই নিয়ম অহা ১ ছেপ্টেম্বৰৰ পৰা মানিব লাগিব বুলি উল্লেখ কৰিলেও মঙলবাৰৰ পৰাই অসমীয়া লোকক প্ৰৱেশত বাধা দিছে নগাই। এতিয়াৰে পৰা অসমৰ চুবুৰীয়া নগা গাঁৱত কোনো অসমীয়া লোকে খৰি কটা, মাছ ধৰা, চিকাৰ কৰা, অনাধিকাৰ প্ৰৱেশ কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে। ইপালে এই জাননী লাভ কৰাৰ পাছতেই তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল-সংগঠনে। 

মেৰাপানী