মেৰাপানীত নাগালেণ্ডৰ প্ৰশাসনে চলাইছে জৰীপ, অসমীয়া পৰিয়ালৰ নথিপত্ৰ সংগ্ৰহ নগাৰ

মেৰাপানী সীমান্তৰ জয়পুৰ গাঁৱৰ অসমীয়া পৰিয়ালৰ নথিপত্ৰ জৰীপ কৰিছে নাগালেণ্ডৰ প্ৰশাসনৰ লোকে। গোলাঘাট বিধানসভা সমষ্টিৰ মেৰাপানীৰ দৈয়াং গাঁও পঞ্চায়ত এলেকাৰ জয়পুৰ গাঁৱৰ অসমীয়া পৰিয়ালৰ জৰীপ কৰাক লৈ  শংকিত হৈ পৰিছে পৰিয়ালসমূহ।

author-image
Asomiya Pratidin
New Update
nnn

ডিজিটেল সংবাদ, মেৰাপানীঃ এইবাৰ মেৰাপানী সীমান্তৰ জয়পুৰ গাঁৱৰ অসমীয়া পৰিয়ালৰ নথিপত্ৰ জৰীপ কৰিছে নাগালেণ্ডৰ প্ৰশাসনৰ লোকে। গোলাঘাট বিধানসভা সমষ্টিৰ মেৰাপানীৰ দৈয়াং গাঁও পঞ্চায়ত এলেকাৰ জয়পুৰ গাঁৱৰ অসমীয়া পৰিয়ালৰ জৰীপ কৰাক লৈ  শংকিত হৈ পৰিছে পৰিয়ালসমূহ।

সৰ্বমুঠ ৮৩ টা আদিবাসী পৰিয়াল বাস কৰা গাঁওখনত দুজন নগা লোকে ঘৰে ঘৰে গৈ আধাৰ কাৰ্ডৰ ফটো সংগ্ৰহ কৰে। গাঁৱৰ দুজনমান সচেতন লোকে নগা লোক দুজনক জৰীপৰ কাৰণ জৱাবদিহী কৰাত নাগালেণ্ড চৰকাৰৰ নিৰ্দেশনা অনুসৰি জৰীপ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

Capturehuhgui

অৱশ্যে গাঁৱৰ একাংশ লোকে পাছত আধাৰ কাৰ্ডৰ তথ্য দিবলৈ সন্মত নোহোৱাত নগা লোক দুজন আঁতৰি যায়। উল্লেখযোগ্য যে, অসমৰ শক্তি বিভাগে গাঁওখনত বিদ্যুত সংযোগ দিয়াৰ যাৱতীয় প্ৰস্তুতি চলাইছিল যদিও নগা প্ৰশাসনে বিধিপথালি দিয়াত বৰ্তমানেও বিদ্যুতৰ পোহৰৰ পৰা বঞ্চিত হৈ আছে গাঁওবাসী।

মেৰাপানী