তাহানিৰ মেন্থেল লাইট এতিয়া মাথোঁ স্মৃতি...

নব্বৈ দশকৰ প্ৰথম ভাগলৈকে অসমীয়া সমাজত এক সুকীয়া পৰিচয় থকা সেই মেন্থেল লাইট এতিয়া অনাদৃত। সেই মেন্থেল লাইটৰ আছে এক সোণালী ইতিহাস। তেতিয়াৰ সোণালী ইতিহাস এতিয়া আন্ধাৰৰ এচুকত ধূলি-মাকতি, এলান্ধুৰে সৈতে পৰি ৰোৱা এক আৱৰ্জনা।

author-image
Asomiya Pratidin
New Update
new ap web 6 (16)

ডিজিটেল ডেস্কঃ মেন্থেল লাইট ৷ হয়তো সকলোৰে বাবে পৰিচিত এটি নাম। এসময়ত বিয়াৰ ৰভাথলী,ভাওনাথলী উজ্বলাই তুলা মেন্থেল লাইট এতিয়া কেৱল কাহিনীৰ পাতত। এসময়ত পোহৰ যোগানৰ এক নিৰ্ভৰযোগ্য আহিলা আছিল এই মেন্থেল লাইট ৷  কিন্তু এতিয়া এচুকত পৰি ৰৈছে সোণালী দিনৰ এই আহিলাবিধ। 

বৰ্তমান সময়ৰ অধ্যাধুনিক সুবিধা নাছিল তাহানিৰ সেই সোণালী দিনত। নাছিল অকনো যান্ত্ৰিকতাৰ ধামখুমিয়া। এক নিভাজ গাঁৱৰ পৰিৱেশত আছিল সুকীয়া মাদকতা। কিন্তু সেই দিন এতিয়া মাথোঁ স্মৃতি। এসময়ত গাঁৱৰ বিয়া-সৱাহ, ভাওনাত আগস্থান পোৱা মেন্থেল লাইট মনত আছে নে? তাহানিৰ গাঁওবোৰত নাছিল বিজুলী সংযোগৰ কোনো ব্যৱস্থা ৷ চাকি, লেম্প আদিৰ পোহৰতে সকলোৱে পাৰ কৰিছিল জীৱন। তাথাপিও নাছিল কাৰো আপত্তি।  

WhatsApp Image 2025-12-23 at 1.22.13 PM

নব্বৈ দশকৰ প্ৰথম ভাগলৈকে অসমীয়া সমাজত এক সুকীয়া পৰিচয় থকা সেই মেন্থেল লাইট এতিয়া অনাদৃত। সেই মেন্থেল লাইটৰ আছে এক সোণালী ইতিহাস। তেতিয়াৰ সোণালী ইতিহাস এতিয়া আন্ধাৰৰ এচুকত ধূলি-মাকতি, এলান্ধুৰে সৈতে পৰি ৰোৱা এক আৱৰ্জনা। বৰ্তমান নৱ প্ৰজন্মৰ বাবে মেন্থেল লাইট ফটোত দেখা এক আহিলালৈহে পৰিণত হ'ল।

সকলো যেন সময়ৰ গতিত নদীৰ ঢৌৰ দৰে উটি গ'ল। সময়ৰ গতিত গাঁও অঞ্চলসমূহতো বিজুলী যোগান এতিয়া নিয়মীয়া হৈ পৰিল । বিজুলী সংযোগ নথকা সময়ৰ সমস্যা নোহোৱা কৰিবলৈ জেনেৰেটৰ আহি পৰিল। 

WhatsApp Image 2025-12-23 at 1.25.01 PM

প্ৰণিধানযোগ্য যে, মেন্থেল লাইট অসমীয়া সমাজত অতীতৰ সুখ-দুখ, স্মৃতি আৰু গাঁৱলীয়া জীৱনৰ এক চিনাকি পোহৰ, যাৰ সৈতে বহুতো মধুৰ স্মৃতি জড়িত আছে। এসময়ত গাঁৱৰ পদুলিত মেন্থেল লাইট লৈ বিভিন্ন কথা পতা, আড্ডা দিয়া আৰু মুক্ত মনেৰে সময় কটোৱাৰ এক স্মৃতিকাতৰ অনুভূতি জড়িত আছে। সেই মেন্থেল লাইট অতীতৰ সেই দিনবোৰৰ এক প্ৰতীক হৈ পৰিছে। তাহানিৰ অসমীয়া গ্ৰামাঞ্চলত পোহৰ যোগান ধৰা এক গুৰুত্বপূৰ্ণ সামগ্ৰী, যি আধুনিকতাৰ লগে লগে লুপ্ত হৈ গৈছে।এতিয়া এই সকলোবোৰ কেৱল ফটোতে সীমাবদ্ধ হৈ পৰিল। 

WhatsApp Image 2025-12-23 at 1.24.50 PM

মেন্থেল লাইট