/asomiyapratidin/media/media_files/2025/12/29/537-2025-12-29-17-09-56.jpg)
ডিজিটেল ডেস্ক : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিছে এখনি স্মাৰকপত্ৰ। জাতীয় সংগঠটোৱে অসমৰ থলুৱা ৰাইজৰ ভূমিৰ অধিকাৰ তথা ৰাজনৈতিক অধিকাৰৰ সুৰক্ষাৰ বাবে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই প্ৰেৰণ কৰিছে এই স্মাৰকপত্ৰখনি।
সংগঠনটোৱে প্ৰেৰণ কৰা স্মাৰকপত্ৰখনি হুবহু প্ৰকাশ কৰা হ'ল-
প্ৰতি,
ড° হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী
অসম চৰকাৰ
জে ব্লক, লোকসেৱা ভৱন
জনতা ভৱন
দিছপুৰ,গুৱাহাটী -৭৮১০০৬
বিষয়: স্মাৰকপত্ৰ।
(অসমৰ থলুৱা ৰাইজৰ ভূমিৰ অধিকাৰ তথা ৰাজনৈতিক অধিকাৰৰ সুৰক্ষাৰ বাবে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণৰ আহ্বান)
মহোদয়,
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা জাতীয়তাবাদী সম্ভাষণ গ্ৰহণ কৰিব। অসমৰ থলুৱা ৰাইজৰ ভূমিৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰি এই স্মাৰক পত্ৰ আপোনালৈ লিখা হৈছে।
অসম চুক্তিৰ (১৯৮৫)ৰ ষষ্ঠ অনুচ্ছেদত স্পষ্টভাৱে উল্লেখ আছে যে অসমীয়া জাতিৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্যৰ সুৰক্ষাৰ বাবে সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক সুৰক্ষা প্ৰদান কৰা হ’ব। লগতে সেই চুক্তিৰ মূল উদ্দেশ্য আছিল অসমৰ থলুৱা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰক বহিৰাগত অনুপ্ৰৱেশৰ পৰা ৰক্ষা কৰা।
কিন্তু বৰ্তমান পৰিস্থিতিত দেখা গৈছে যে কাৰ্বি আংলংকে ধৰি অসমৰ ভূখণ্ডৰ বিভিন্ন অঞ্চলত বহিৰাগত লোকৰ অবৈধ দখল, ভূমি হস্তান্তৰ আৰু জনসংখ্যাগত পৰিৱৰ্তনে থলুৱা জনগোষ্ঠীক নিজৰ মাটিতে সংখ্যালঘু কৰি তুলিছে। ইয়াৰ ফলত থলুৱা ৰাইজৰ অস্তিত্ব, সংস্কৃতি আৰু ৰাজনৈতিক ক্ষমতা দেখদেখকৈ বিপদত পৰিছে।
আপোনাৰ কাৰ্যকালৰ প্ৰাৰম্ভতে ঘোষণা কৰা হৈছিল যে-অসম চুক্তিৰ ষষ্ঠ অনুচ্ছেদৰ পূৰ্ণাংগ ৰূপায়ণ কৰি থলুৱা অসমীয়া লোকৰ বাবে ভূমি অধিকাৰৰ বিশেষ সুৰক্ষা ;যেনে ট্ৰাইবেল বেল্ট আৰু ব্লকৰ দৰে ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটাই থলুৱা খিলঞ্জীয়া ৰাইজৰ পক্ষত ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব। কিন্তু এতিয়া বাস্তৱত ইয়াৰ ওলোটা ছবিহে দেখিবলৈ পোৱা গৈছে।
ফলশ্ৰুতিত ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চলসমূহত (যেনে কাৰ্বি আংলং) থলুৱা জনজাতিৰ ভূমি অধিকাৰক কঠোৰভাৱে ৰক্ষা কৰা আৰু অবৈধ দখলকাৰীক উচ্ছেদ কৰাক লৈ ৰূপায়ন কৰা শান্তি পূৰ্ণ ধৰ্মঘট কাৰ্য্যসূচীৰ অন্তত বিভিন্ন অসামাজিক কাৰ্যকলাপ সংঘটিত হোৱাৰ পিছতে অসমৰ কলম্বাছ খ্যাত প্ৰাচীন ভূমি পুত্ৰ কাৰ্বিসকলক চাইনিজ আখ্যাৰে গ'বেক ধ্বনি দিবলৈ সাহস পাইছে। এয়া কেনেকৈ সম্ভৱ !
দৰাচলতে অসমৰ ভূমিহীন থলুৱা পৰিয়ালসমূহক বিভিন্ন কল্যাণকামী আঁচনিৰ জৰিয়তে ভূমি পট্টা প্ৰদান কৰি আৰু বহিৰাগতলৈ ভূমি হস্তান্তৰ নিষিদ্ধ কৰাৰ পন্থাহে অৱলম্বন কৰিব লাগিছিল। কিন্তু সেয়া অন্ত: সাৰশূন্য এক ভাষণতে সীমাবদ্ধ।
তাৰোপৰি ,থলুৱা জনগোষ্ঠীৰ ৰাজনৈতিক প্ৰতিনিধিত্ব বৃদ্ধি কৰি, বিধানসভা আৰু স্থানীয় শাসনত তেওঁলোকৰ কণ্ঠস্বৰ শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে।
মহোদয়, উল্লেখযোগ্য যে, জনসংখ্যাগত পৰিৱৰ্তন ৰোধ কৰিবলৈ কঠোৰ নীতি গ্ৰহণ কৰক আৰু থলুৱা জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ লওক। শেষত,অসমৰ থলুৱা ৰাইজৰ অধিকাৰসমূহ সুৰক্ষিত নহ’লে ৰাজ্যখনৰ শান্তি আৰু সম্প্ৰীতি বিপন্ন হ’ব। আমি আশা কৰোঁ যে আপুনি এই বিষয়ত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিব আৰু আমাৰ দাবীসমূহ পূৰণ কৰিব।
ধন্যবাদেৰে -
পলাশ চাংমাই, সভাপতি
বিজন বায়ন,সাধাৰণ সম্পাদক
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ
তাৰিখ: ২৯ ডিচেম্বৰ, ২০২৫
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us