/asomiyapratidin/media/media_files/2025/12/10/1-2025-12-10-13-56-54.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ উজান বজাৰস্থিত নৱনিৰ্মীত ব্ৰহ্মপুত্ৰ নদী পাৰ সতী ৰাধিকা শান্তি উদ্যানত মহিয়সী নাৰী আই সতী ৰাধিকাৰ প্ৰতিমূৰ্তি নিমাৰ্ণ কৰা সন্দৰ্ভত সদৌ অসম কৈৱৰ্ত যুৱ -ছাত্ৰ সন্মিলনে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত বিভিন্ন ধৰণৰ শিক্ষা, ক্ৰীড়া , ধৰ্মীয়, সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰিও যাতায়ত সু-ব্যৱস্থাৰে অসমখনক আগুৱাৰ নিয়াৰ বাবে যি যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি আহিছে সেই পদক্ষেপক সন্মিলনে বিপুল আদৰণি জনায়।
তাৰোপৰি জগতগৰু শ্ৰীমন্ত শংকৰদেৱৰ দ্ধাৰা স্বীকৃত কৈৱৰ্ত কুল নন্দীনি গুৱাহাটী মহানগৰৰ উজান বজাৰস্থিত ব্ৰহ্মপুত্ৰ নদী পাৰ সতী ৰাধিকা শান্তি উদ্যানখন ৰাজ্যখনৰ ভিতৰত এখন আটক ধুনীয়াকৈ নিৰ্মাণ কৰি ৰাইজলৈ উপহাৰ দি যি মহান কৰ্ম কৰিলে সেই কাৰ্যক সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনে আন্তৰিক কৃতজ্ঞতা জজ্ঞাপন কৰে।
উক্ত স্মাৰক পত্ৰত উল্লেখ কৰে যে, সতী ৰাধিকা শান্তি উদ্যানখনত মহিয়সী নাৰী আই সতী ৰাধিকাৰ এটা প্ৰতিমূৰ্তি নিমাৰ্ণ কৰিলে উদ্যানখনৰ আৰু সৌন্দৰ্য বৃদ্ধি পাব লগতে মহিয়সী নাৰী আই সতী ৰাধিকাৰ বিষয়ে ৰাইজে অধিক জানিবলৈ সক্ষম হ'ব।
সেয়েহে মুখ্যমন্ত্ৰী গৰীকীক ব্ৰহ্মপুত্ৰ নদীৰ পাৰস্থিত সতী ৰাধিকা শান্তি উদ্যানত এটা প্ৰতিমূৰ্তি নিমাৰ্ণ কৰিবলৈ আন্তৰিকতাৰে অনুৰোধ জনাই স্মাৰক পত্ৰ প্ৰদান কৰে অসম কৈৱৰ্ত যুৱ -ছাত্ৰ সন্মিলনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us