/asomiyapratidin/media/media_files/2025/11/18/whatsapp-image-2025-11-18-10-33-31.jpeg)
ডিজিটেল সংবাদ,ছিপাঝাৰঃ অসমীয়া সাহিত্য সংৰক্ষণ আৰু ডিজিটাইজেশ্যনৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ। ছিপাঝাৰ মহাবিদ্যালয় আৰু নন্দ তালুকদাৰ ফাউণ্ডেচনৰ মাজত ১৭নবেম্বৰ,২০২৫ তাৰিখে এখন ঐতিহাসিক বুজাবুজিচুক্তি (MoU) স্বাক্ষৰিত হোৱাৰ লগে লগে অঞ্চলটোৰ সাহিত্য-সংৰক্ষণৰ ক্ষেত্ৰত নতুন দিশ সূচনা হৈছে।
এই চুক্তিৰ জৰিয়তে ছিপাঝাৰ আৰু ইয়াৰ আশ পাশৰ স্থানীয় লেখকৰ পুথি-পাজি—বিশেষকৈ বজাৰত উপলব্ধ নোহোৱা আৰু লোপ পোৱাৰ মুখত থকা মূল্যবান সাহিত্য—নন্দতালুকদাৰ ফাউণ্ডেচনৰ “Digitizing Assam” ৰ মাধ্যমেডি জিটাইজ কৰি একেটা অনলাইন প্লেটফৰ্মত উপলব্ধ কৰা হ'ব।
Digitizing Assam প্ৰজেক্টৰভূমিকা নন্দ তালুকদাৰ ফাউণ্ডেচনৰ Digitizing Assam প্ৰজেক্ট ইতিমধ্যে ২.৫মিলিয়ন পৃষ্ঠাৰ অধিকপুথি, কাগজপত্র, সাময়িকী আৰু জাৰ্নেল ডিজিটাইজ কৰি এক আধুনিক, অনুসন্ধানযোগ্য (searchable) আর্কাইভ সাজি তুলিছে।ছিপাঝাৰ মহাবিদ্যালয়ৰ সৈতে এই গাঁথনিৰ ফলত এখন প্ৰাচীন, সমৃদ্ধ সাহিত্যিক পৰম্পৰাক ডিজিটেলজগতলৈ সুৰক্ষিতভাৱে স্থানান্তৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব।
এই চুক্তিৰ অন্যতম লক্ষ্য হৈছে—
• অঞ্চলটোৰ স্থানীয় সাহিত্য সমগ্ৰীৰ সংৰক্ষণ,
• ছাত্ৰ-ছাত্ৰী, গবেষকৰ বাবে সহজলভ্য ডিজিটেল ভঁৰাল সৃষ্টি,
• নবপ্ৰজন্মক অসমীয়া সাহিত্যৰ সৈতে পুনৰ সংযোগস্থাপন,
• আৰু দীৰ্ঘম্যাদীভাৱে অঞ্চলটোত সাহিত্য-গৱেষণাও প্ৰযুক্তি-ভিত্তিক শিক্ষাৰ সমন্বয় বৃদ্ধি।
তাৰোপৰি চুক্তি স্বাক্ষৰৰ দিনত বক্তৃতা অনুষ্ঠানত চুক্তি স্বাক্ষৰৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ লাইব্ৰেৰী বুক ক্লাবে আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ (IQAC) ৰ সহযোগত এখন বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰে।মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ডঃনিৰ্মালি চক্ৰৱৰ্তী য়ে অনুষ্ঠানটোৰ সূচনা কৰে।
আনফালে স্বাগতম ভাষণ আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃসত্যেন্দ্র কুমাৰ শৰ্মা, যিয়ে এই MoU ক “ছিপাঝাৰ অঞ্চলৰ সাহিত্যিক সম্পদ সংৰক্ষিত কৰাৰ দিশত ঐতিহাসিক পদক্ষেপ” বুলি আখ্যা দিয়ে।অনুষ্ঠানত বক্তাসকলে উল্লেখ কৰে যে, ডিজিটাইজিং অসম যেনেকৈ ৰাজ্যজুৰি লুপ্ত প্রায় সাহিত্য উদ্ধাৰ কৰি চমুকৈ এক আধুনিক আৰ্হিৰ আর্কাইভ গঢ়ি তুলিছে, ছিপাঝাৰ মহাবিদ্যালয়ৰ সম্পদ সংৰক্ষণো সেই বৃহৎ আন্দোলনৰ অংশ হ’ব।
উল্যেলেখ্য যেদীৰ্ঘম্যাদি লাভ এই MoU ৰ ফলত—
• ছিপাঝাৰ শেখৰ অঞ্চলৰ সাহিত্য নতুন জীৱন লাভ কৰিব,
• দেশ-বিদেশৰ গৱেষকসকলৰ বাবে পঢ়নি-গৱেষণাৰ সুযোগ বৃদ্ধি পাব,
• আৰু অঞ্চলটোত ডিজিটেল সংস্কৃতি অধ্যয়ন, আর্কাইভিং আৰু সাহিত্য সম্পাদনা-গৱেষণাৰ নতুন সম্ভাৱনা সৃষ্টি হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us