দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত, ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ ৰাইজৰ দলৰ স্মাৰকপত্ৰ

শুকুৰবাৰে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু অসমৰ মুখ্য নিৰ্বাচনী বিষয়া লৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিলে ৰাইজৰ দলে।

author-image
Asomiya Pratidin
New Update
new ap web 1 (39)

ডিজিটেল ডেস্কঃ শুকুৰবাৰে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিলে ৰাইজৰ দলে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ভিডিঅ’ কনফাৰেন্সযোগে কৰা এক মন্তব্যক কেন্দ্ৰ কৰি এই পদক্ষেপ গ্ৰহণ কৰিলে দলটোৱে।

ৰাইজৰ দলৰ অভিযোগ অনুসৰি, বিগত ৪ জানুৱাৰীৰ সন্ধিয়া অনুষ্ঠিত   এক ভিডিঅ’ কনফাৰেন্সত ৮.০১ বজাৰ পৰা ৮.৪১ বজালৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা ১০ হাজাৰকৈ বিজেপি-বিৰোধী ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ভয়ংকৰ অভিসন্ধিৰ কথা ব্যক্ত কৰিছিল। এই বক্তব্যই গণতান্ত্ৰিক প্ৰক্ৰিয়াত গভীৰ সংকটৰ ইংগিত দিয়ে বুলি দলটোৱে অভিযোগ উত্থাপন কৰে।

WhatsApp Image 2026-01-09 at 4.12.39 PM

এই সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে উক্ত ভিডিঅ’টো জব্দ কৰি বিষয়টোত নিৰপেক্ষ তদন্তৰ দাবী জনাই মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক এই স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

দিলীপ শইকীয়া