/asomiyapratidin/media/media_files/2025/09/03/mehbub-muktir-3-2025-09-03-17-31-22.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাওঁ জিলাৰ ধিং সমষ্টিৰ বলিকটিয়া আৰু জেঙনী অঞ্চলত নগাঁও প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰিছিল। উক্ত জাননী পায় সেই অঞ্চলত থকা দুখীয়া পৰিয়ালসমূহে নিজেই বেদখল মুক্ত কৰিবৰ নিমিত্তে নিজ বাসস্থানসমূহ ভাঙি অন্য স্থানলৈ গতি কৰিছে।
কিন্তু এই দুখীয়া পৰিয়ালৰ লোকেসকলে বহু কষ্ট আৰু যন্ত্ৰণাৰে জীৱন অতিবাহিত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এই বিষয়ে অৱগত হৈ, এই বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দিছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ মেহবুব মুক্তাৰে।
যুৱনেতাগৰাকীয়ে সেইসকলৰ দুখৰ সমভাগী হোৱাৰ প্ৰয়াস কৰি, আজি ৫২ টা ভূমিহীন পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা বিতৰণ কৰে। এইদৰে আৰ্তজনক সহায় কৰি তেওঁ, অসহায় মানুহক কিঞ্চিত সহায় কৰিব পাৰিলে মনত সন্তোষ লাভ কৰো বুলি প্ৰকাশ কৰে।
সাহাৰ্য্য প্ৰদান কাৰ্যসূচীত ৰাইজৰ দলৰ ধিং সমষ্টি সমিতি, জাতীয় যুৱ বাহিনীৰ সভাপতি, সম্পাদক আৰু অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে।