দেশ কঁপোৱা ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল

দেশ কঁপোৱা ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অভিযোগনামা অৱশেষত দাখিল কৰিলে মেঘালয় আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-06 at 10.59.25 AM

ডিজিটেল ডেস্কঃ দেশ কঁপোৱা ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অভিযোগনামা অৱশেষত দাখিল কৰিলে মেঘালয় আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে। অভিযোগনামাত ৰাজা ৰঘুবংশীৰ পত্নী সোণম ৰঘুবংশীক মূল অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। সোণমৰ প্ৰেমিক ৰাজ কুশৱাহা আৰু আন তিনিজনৰ বিৰুদ্ধেও হত্যাৰ অভিযোগ উত্থাপন হৈছে। 

মেঘালয় আৰক্ষীয়ে এক বিবৃতিত সদৰি কৰে যে, ইন্দোৰৰ ব্যৱসায়ীজনৰ হত্যাকাণ্ডৰ গোচৰত চহৰা মহকুমাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ৭৯০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰা হৈছে। এই চাৰ্জশ্বীটত নাম আছে সোণম ৰঘুবংশী, ৰাজ কুশৱাহা, আকাশ ৰাজপুত, আনন্দ কুৰ্মী আৰু বিশাল সিং চৌহানৰ।

ইফালে, ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ৫ অভিযুক্ত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰি বৰ্তমান ন্যায়িক জিম্মাত ৰখা হৈছে। উল্লেখযোগ্য যে, বিগত ২৩ মে’ত হানিমুনৰ বাবে মেঘালয়লৈ অহা সোণমে তেওঁৰ স্বামী ৰাজা ৰঘুবংশীক আন ৪জন অভিযুক্তৰ সৈতে অতি নৃশংসভাৱে হত্যা কৰিছিল। আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত হত্যাৰ ধাৰা ১০৩ (I), অপৰাধৰ প্ৰমাণ ধ্বংস কৰাৰ ধাৰা ২৩৮ (ক) আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ ধাৰা ৬১ (২)ৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছে।

আনহাতে, সমগ্ৰ ঘটনা সন্দৰ্ভত ইষ্ট খাছি হিলছৰ আৰক্ষী অধীক্ষক বিবেক ছায়েমে উল্লেখ কৰে যে, ফৰেনছিক ৰিপ’ৰ্ট অহাৰ পিছত আৰু তিনিজন অভিযুক্তৰ বিৰুদ্ধে  অভিযোগনামা দাখিল কৰা হ’ব। এই তিনিজন অভিযুক্ত হৈছে ব্যৱসায়ী ছিলম জেমছ, অপৰাধ সংঘটিত কৰাৰ পিছত সোণমে লুকাই থকা অট্টালিকাৰ মালিক লোকেন্দ্ৰ টোমাৰ আৰু অঞ্চলটোৰ এজন নিৰাপত্তাৰক্ষী বলবীৰ আহিৰবাৰ। জেমছ, টোমাৰ আৰু আহিৰবাৰক ধ্বংস আৰু প্ৰমাণ লুকুৱাই ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে আৰু তিনিওজনেই বৰ্তমান জামিনত বাহিৰত আছে।

ৰাজা ৰঘুবংশী মেঘালয়