/asomiyapratidin/media/media_files/2026/01/17/new-ap-web-8-5-2026-01-17-13-21-20.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃমেঘালয়ত প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে অসমৰ ক্ষুদ্ৰ ব্যৱসায়ীক। পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰা নাজেং বজাৰৰ পৰা উভতাই পঠিওৱা হ’ল মানকাচৰৰ অৰ্ধ শতাধিক পাচলি ব্যৱসায়ীক।
পাচলি বিক্ৰীৰ বাবে কেবাখনো বাহন মানকাচৰৰ পৰা গৈছিল এইসকল ব্যৱসায়ীয়ে। কিন্তু গাৰো ব্যৱসায়ী তথা স্থানীয় গাৰো সম্প্ৰদায়ৰ লোকে অসমৰ ব্যৱসায়ীক ভয়-ভাবুকি দেখুৱাই আৰু মেঘালয়ত প্ৰৱেশত বাধা প্ৰদান কৰে।
উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰা মানকাচৰৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে মেঘালয়ৰ বিভিন্ন হাট-বজাৰত পাচলি বিক্ৰী কৰি আহিছিল। কিন্তু আজি হঠাৎ এনেদৰে মেঘালয়ৰ পৰা উভতি আহিবলগীয়া হোৱাত ক্ষুদ্ৰ ব্যৱসায়ীসকল একত্ৰিত হয় মানকাচৰ থানাত।
ব্যৱসায়ীসকলে সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে মানকাচৰ আৰক্ষীক। উল্লেখযোগ্য যে, যোৱা এসপ্তাহ পূৰ্বে অবৈধ শিলৰ কুঁৱেৰীত এগৰাকী আচিক সংগঠনৰ সদস্যক দুষ্কৃতিকাৰীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাত সদস্যজন মৃত্যু মুখত পৰে।
মেঘালয়ৰে অ-গাৰো লোকে প্ৰহাৰ কৰাৰ ফলত ক্ষুব্ধ হৈ পৰে মেঘালয়ৰ আচিক NGOৰ লগতে মেঘালয়ৰ গাৰো সম্প্ৰদায়ৰ লোকসকল। ইয়াৰ ফলত মেঘালয়ৰ পৰা উভতি আহিবলগীয়া হয় শ শ অ-গাৰো অসমৰ শ্ৰমিক।
ইফালে, জিলা প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গঠন কৰি দিছে শান্তি সমিতি। কিন্তু তাৰপাছতো আজি নাজেং বজাৰৰ পৰা উভতাই পঠিওৱা হয় অসমৰ ক্ষুব্ধ ব্যৱসায়ীক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us