/asomiyapratidin/media/media_files/2026/01/10/ujjjdd-2026-01-10-13-37-29.jpg)
ডিজিটেল সংবাদ,মানকাছৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ৰাজাবালাত কালি বিয়লি আচিক নামৰ এটা গাৰো সেচ্চাসেৱী সংগঠনৰ সদস্যক দুস্কৃতিকাৰীৰ দলে নিৰ্মামভাৱে প্ৰহাৰ কৰাত সদস্যজন মৃত্যু মুখত পৰে। এই ঘটনাক লৈ মেঘালৰ গাৰো পাহাৰ উত্তপ্ত হৈ পৰে।
ফলত মেঘালয়ত অগাৰো শ্ৰমিক সকল নিৰাপত্তাহীন হৈ পৰে। নিশাৰে পৰা আৰক্ষীৰ সহযোগত অগাৰো অসমীয়া শ্ৰমিক সকল মানকাচৰলৈ উভতি আহিবলৈ ধৰিছে। মেঘালয় প্ৰশাসনে শ্ৰমিক সকলক মানকাচৰলৈ উভতাই পঠোৱাৰ ক্ষেত্ৰত সহযোগ চলাই আছে।
বৰ্তমানলৈ গাৰো পাহাৰ জিলা সমূহৰ পৰা সহস্ৰাধিক শ্ৰমিক ইতিমধ্যে মানকাচৰলৈ উভতি আহিছে। এই ঘটনাক লৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড এ চাংমা ইতিমধ্যে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
যোৱা শুকুৰবাৰে সংঘটিত হত্যাকাণ্ডৰ লগত জৰিত তিনিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us