লঘু যানবাহনৰ বাবে মুকলি হ'ল মেঘালয়ৰ শিলচৰ-শ্বিলং-গুৱাহাটী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ

অৱশেষত লঘু যানবাহন চলাচলৰ বাবে মুকলি কৰা হ'ল মেঘালয়ৰ শিলচৰ- শ্বিলং-গুৱাহাটী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। দেওবাৰে নিশা মেঘালয়ৰ ৰাতাছেৰাত সংঘটিত হৈছিল ভূমিস্খলন।  

author-image
Asomiya Pratidin
New Update
লঘু যানবাহনৰ বাবে মুকলি হ'ল মেঘালয়ৰ শিলচৰ-শ্বিলং-গুৱাহাটী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ

ডিজিটেল সংবাদ শিলচৰ: অৱশেষত লঘু যানবাহন চলাচলৰ বাবে মুকলি কৰা হ'ল মেঘালয়ৰ শিলচৰ- শ্বিলং-গুৱাহাটী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। দেওবাৰে নিশা মেঘালয়ৰ ৰাতাছেৰাত সংঘটিত হৈছিল ভূমিস্খলন।  

ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ ৰাতাছেৰা আৰু উমকিয়াঙৰ মাজত পাহাৰৰ পৰা প্ৰকাণ্ড শিল আৰু মাটি পথৰ ওপৰত খহি পৰাত নিশাৰ পৰাই সম্পূৰ্ণ বন্ধ হৈ পৰিছিল শিলচৰ-শ্বিলং-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ। 

ভূমিস্খলনৰ ফলত বৰাকসহ চুবুৰীয়া ৰাজ্য মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা দেশৰ বাকী অংশৰ সৈতে যাতায়ত বিচ্ছিন্ন হ'ব লগা হৈছিল। অৱশ্যে, পথছোৱা মুকলি কৰিবলৈ নিশা দুই বজাৰ পৰা যুদ্ধকালীন তৎপৰতাৰে কাম আৰম্ভ কৰিছিল জিলা প্ৰশাসনে। নিশাৰে পৰা কাম আৰম্ভ কৰাৰ পিছত সোমবাৰে পুৱাৰ ভাগত লঘু যানবাহন চলাচলৰ বাবে পথছোৱা মুকলি কৰা হয়।

মেঘালয়