/asomiyapratidin/media/media_files/2026/01/31/cncmnsdcsmnx-2026-01-31-09-44-17.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ৰেমৰানপাৰা এলেকাত তামোল আনিবলৈ যোৱা অসমৰ দুই পিকআপ ভান চালকক একাংশ গাৰো দুস্কৃতিকাৰীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাত চালকদ্বয় আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে। আহত চালক দুজন হৈছে দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ ঠাকুৰাণবাৰী গাঁৱৰ লাকিত মিঞা (৩২) আৰু লাকিত মিঞা (৩০)।
জানিব পৰা মতে, মেঘালয়ত তামোল ভৰ্তি কৰি ঘৰলৈ উভতাৰ সময়তে দুয়োজনক পথৰ মাজতে আটক কৰি প্ৰায় ৯ ঘণ্টা ধৰি শাৰীৰিক নিৰ্যাতন চলোৱা হয়। মূৰ, মুখ আৰু শৰীৰৰ বিভিন্ন অংশত গুৰুতৰ আঘাতপ্ৰাপ্ত চালকদ্বয়ক নিশাৰ সময়ত মুকলি কৰি দিয়ে দুস্কৃতিকাৰীয়ে।
সংকটজনক অৱস্থাত ঘৰলৈ উভতি অহাৰ পাছত দুয়োজনক হাটশিঙিমাৰীস্থিত গ্ল’বেল হাস্পাতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান দুয়োজন চিকিৎসাধীন যদিও অৱস্থা স্থিতিশীল বুলি জানিব পৰা গৈছে।
ইফালে, ঘটনাক লৈ জিলা শ্ৰমিক সন্থা আৰু ব্যৱসায়ী সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰিস্থিতি স্বাভাৱিক নোহোৱালৈ মেঘালয়লৈ ব্যৱসায়িক যাত্ৰা বন্ধ ৰাখিবলৈ আহ্বান জনাইছে। আনহাতে, ঘটনাৰ প্ৰতিবাদত অসমৰ শ্ৰমিকসকলে মানকাচৰৰ পৰা মেঘালয়লৈ পাচলি ৰপ্তানি বন্ধ ৰাখিছে। লগতে চুৰি কৰি যাতে কোনো লোকে গাৰো ব্যৱসায়ীক পাচলি যোগান ধৰিব নোৱাৰে, তাৰ বাবে মানকাচৰৰ বিভিন্ন স্থানত নিশা পহৰাৰ ব্যৱস্থাও কৰা হৈছে।
উল্লেখযোগ্য যে, যোৱা ৯ জানুৱাৰীত মেঘালয়ৰ ৰাজাবালা এলেকাত অবৈধ শিলৰ কুৱেৰীত আচিক নামৰ সংগঠনৰ এজন সদস্যক প্ৰহাৰ কৰাত তেওঁৰ মৃত্যু ঘটে। ইয়াৰ পাছতেই একাংশ গাৰো দুস্কৃতিকাৰীয়ে অনাগাৰো ব্যৱসায়ী, শ্ৰমিক আৰু চালকৰ ওপৰত অত্যাচাৰ চলাই আহিছে বুলি অভিযোগ উঠিছে। যদিও উক্ত ঘটনাত জড়িত ৮ জন অনাগাৰোক মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে, তথাপি এতিয়াও অসমৰ ব্যৱসায়ীক মেঘালয়ৰ হাট-বজাৰত ব্যৱসায় কৰিবলৈ দিয়া হোৱা নাই।
বৰঞ্চ একাংশ গাৰো ব্যৱসায়ী মানকাচৰলৈ আহি পাচলি ক্ৰয় কৰি মেঘালয়ত বিক্ৰী কৰা দেখা গৈছে। এই পৰিস্থিতিৰ মাজতে অসমৰ দুই চালকক প্ৰহাৰ কৰা ঘটনাই মানকাচৰৰ পৰা মেঘালয়লৈ পাচলি ৰপ্তানি সম্পূৰ্ণৰূপে বন্ধ কৰি ৰখা পৰিলক্ষিত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us