মাঘ মেলাত অঘটনঃ প্ৰয়াগৰাজৰ সংগমস্থলীত আকৌ লাগিল জুই

বুধবাৰে প্ৰয়াগৰাজৰ মাঘ মেলাত পুনৰ সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ড প্ৰয়াগৰাজৰ ঝুঁসী এলেকাৰ এটা ছেক্টৰত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। 

author-image
Asomiya Pratidin
New Update
uhsagdhasjdsaksnk

ডিজিটেল ডেস্কঃ বুধবাৰে প্ৰয়াগৰাজৰ মাঘ মেলাত পুনৰ সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ড প্ৰয়াগৰাজৰ ঝুঁসী এলেকাৰ এটা ছেক্টৰত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। শাস্ত্ৰী ব্ৰীজৰ পৰা লোৱা এখন ফটোত এই জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত মেলা এলেকাত কিছু সময়ৰ বাবে বিশৃংখল পৰিৱেশ সৃষ্টি হয়।

খবৰ অনুসৰি, প্ৰাথমিক তদন্তত বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ঘটনা সংঘটিত হোৱাৰ লগে লগে একাধিক অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু নিৰ্বাপন অভিযান আৰম্ভ কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও মঙলবাৰে ঝুঁসী এলেকাৰ ৫ নং ছেক্টৰত অগ্নিকাণ্ড সংঘটিত হৈছিল। দুদিনৰ ভিতৰতে দুবাৰকৈ অগ্নিকাণ্ড সংঘটিত হোৱাত মেলা প্ৰশাসন আৰু ভক্তসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে।

অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নিকাণ্ড নিয়ন্ত্ৰণলৈ অনা হৈছে। এই ঘটনাত কোনো লোকপৃৰ প্ৰাণহানিৰ খবৰ পোৱা হোৱা নাই যদিও কিছু টেণ্ট আৰু সামগ্ৰী ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে। প্ৰশাসনে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু আগন্তুক দিনত অধিক সতৰ্কতা অৱলম্বনৰ আশ্বাস দিছে।

প্ৰয়াগৰাজত