কাজলগাঁৱত মেগা স্বাস্থ্যমেলাঃ ৫ সহস্ৰাধিকক চিকিৎসা সেৱা প্ৰদান

১৯ নং চিদলী -চিৰাং বিধানসভা সমষ্টিৰ অন্তৰ্গত এলেকাৰ ৫০ বিধ বিভিন্ন জটিল ৰোগত আক্ৰান্ত ১৮ বছৰৰ অনুৰ্ধ পাঁচ হেজাৰ লৰা ছোৱালীক বিশেষজ্ঞ চিকিৎসক সকলৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকক চিকিৎসা সেৱা প্ৰদান কৰা হব

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, চিৰাং:  ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ সুৰক্ষা সেতু আঁচনিৰ অধীনত চিৰাং জিলা সদৰ কাজলগাঁৱত চিদলী বিধানসভা ভিত্তিত এদিনীয়া মেগা স্বাস্থ্যমেলা অনুষ্ঠিত হয়। জিলা সদৰ কাজলগাঁৱৰ ইউএন ব্ৰহ্ম কলেজ চৌহদত আয়োজিত আজিৰ এই মেগা স্বাস্থ্যমেলাৰ ফিতা কাটি উদ্বোধন কৰে জিলা আয়ুক্ত যতীন বৰাই।

আজিৰ এই মেগা স্বাস্থ্যমেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত অংশ কৰি বন্তি প্ৰজ্বলন কৰি নিজৰ ভাষনত জিলা আয়ুক্ত যতীন বৰাই মেগা স্বাস্থ্যমেলা সন্দৰ্ভত কয় যে, এই মেগা স্বাস্থ্যমেলাত মূলতঃ ১৯ নং চিদলী -চিৰাং বিধানসভা সমষ্টিৰ অন্তৰ্গত এলেকাৰ ৫০ বিধ বিভিন্ন জটিল ৰোগত আক্ৰান্ত ১৮ বছৰৰ অনুৰ্ধ পাঁচ হেজাৰ লৰা ছোৱালীক বিশেষজ্ঞ চিকিৎসক সকলৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকক চিকিৎসা সেৱা প্ৰদান কৰা হব। 

জটিল ৰোগত আক্ৰান্ত ১৮ বছৰৰ অনুৰ্ধ লৰা ছোৱালীক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰি স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উপৰি প্ৰয়োজনত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যত লৈ যোৱাৰ সুব্যৱস্থা গ্ৰহণ কৰাৰ লক্ষ্যৰে এই মেগা স্বাস্থ্যমেলাৰ আয়োজন কৰা হৈছে বুলি জিলা আয়ুক্ত যতীন বৰাই জানিবলৈ দিয়ে ।

উল্লেখ্য যে চিৰাং জিলাত পৰ্য্যাপ্ত পৰিমাণৰ বিশেষজ্ঞ চিকিৎসক নথকাৰ বাবে আজিৰ এই মেগা স্বাস্থ্যমেলাত চিকিৎসা সেৱা আগবঢ়াবলৈ গুৱাহাটী মেডিকেল কলেজ, কোকৰাঝাৰ মেডিকেল কলেজৰ উপৰি এপেলো, জিএনআৰচি চিকিৎসালয়ৰ পৰা আমন্ত্ৰণ কৰি অনা হৃদৰোগ বিশেষজ্ঞ, স্নায়ুৰোগ বিশেষজ্ঞ, শিশুৰোগ বিশেষজ্ঞ, চক্ষুৰোগ বিশেষজ্ঞ, নাক-কান আৰু ডিঙিৰ ৰোগ বিশেষজ্ঞ চিকিৎসক সকল উপৰি অন্যান্য ৰোগৰ বিশেষজ্ঞ চিকিৎসক সকলে  চিকিৎসা সেৱা প্ৰদান কৰে।

কাজলগাঁৱৰ মেগা স্বাস্থ্যমেলাত আজি বিভিন্ন মেডিকেল কলেজৰ পৰা আমন্ত্ৰণ কৰি অনা চিকিৎসক সকলক জিলা আয়ুক্ত যতীন বৰাই বড়ো জনগোষ্ঠীয় আৰ'নাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আজিৰ এই মেগা স্বাস্থ্যমেলাৰ অনুষ্ঠান সঞ্চালনা কৰে স্বাস্থ্য বিষয়া ডাঃ ৰাজু দাসে । আজিৰ এই স্বাস্থ্যমেলাত চিদলী-চিৰাং বিধানসভা সমষ্টি এলেকাৰ পৰা প্ৰায় পাঁচ সহস্ৰাধিক লৰা ছোৱালীয়ে তেওঁলোকৰ অভিভাৱকৰ উপস্থিতিত চিকিৎসা সেৱা গ্ৰহণ কৰে।

আজিৰ মেগা স্বাস্থ্যমেলাত অতিৰিক্ত আয়ুক্ত ৰাজীৱ কুমাৰ দাস, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ হাৰুন আল ৰছিদ, জেএচবি অসামৰিক চিকিৎসালয়ত অধীক্ষক ডাঃ ৰেজাউল কৰিম আহমেদ, বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় কুমাৰ বৈষ্ণৱ, জিলা সমাজ কল্যাণ বিষয়া সমেশ্বৰ মুছাহাৰী,  আদি কৰি স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰী সকল উপস্থিত আছিল। মেগা স্বাস্থ্যমেলাৰ শেষৰ পিনে খাদ্য পৰিৱেশন কৰাৰ সময়ত আয়োজক সকলৰ অব্যৱস্থাপনাৰ বাবে কিছু খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন কৰে চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ অহা অভিভাৱক সকলে।

কাজলগাঁও