জামুগুৰিহাটৰ পকামুৰা পথাৰত অনুষ্ঠিত হয় 'মেগা স্বাস্থ্য মেলা ২০২৫'

ৰাজ্য় চৰকাৰৰ দ্বাৰা আয়োজিত এই মেগা স্বাস্থ্য মেলাত পুৱাৰ পৰাই সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ ৰোগীয়ে বিনামূলীয়া  চিকিৎসা সেৱা গ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
SDSDSSWDSDSD

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ পকামুৰা পথাৰত দেওবাৰে দিনজোৰাকৈ অনুষ্ঠিত হয় মেগা স্বাস্থ্য মেলা ২০২৫ ৷ ৰাজ্য় চৰকাৰৰ দ্বাৰা আয়োজিত এই মেগা স্বাস্থ্য মেলাত পুৱাৰ পৰাই সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ ৰোগীয়ে বিনামূলীয়া  চিকিৎসা সেৱা গ্ৰহণ কৰে।

দেওবাৰৰ দিনটোত প্ৰায় ৫০ গৰাকী অভিজ্ঞ চিকিৎসকে বিভিন্ন ৰোগৰ ৰোগী সকলক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই। ১৮ বছৰৰ তলৰ শিশু, কিশোৰ-কিশোৰীৰ বৃক্ক, স্নায়ু, হাৰ্ট, চকু নাক কাণ আদি বিভিন্ন ৰোগৰ চিকিৎসা প্ৰদান লগতে পৰীক্ষা কৰি ঔষধ প্ৰদান কৰে চিকিৎসক সকলে।

এই মেগা স্বাস্থ্য মেলাত সমষ্টিটোৰ প্ৰায় দহ সহস্ৰাধিক ৰোগীক চিকৎসা প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে৷ ইয়াৰ ভিতৰত জটিল ৰোগত আক্ৰান্ত সকলক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়াৰ ব্যৱস্থা কৰাৰো আস্বাস প্ৰদান কৰে চিকিৎসক সকলে ৷  

নদুৱাৰ সমজিলাৰ আয়ুক্ত মানস শইকীয়া, শোণিতপুৰ জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডা° বিমান শৰ্মা, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ শোণিতপুৰ জিলা প্ৰকল্প প্ৰবন্ধক মাধুৰ্য্য প্ৰসাদ বৰা, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ নদুৱাৰ আৰু চতিয়া খণ্ড প্ৰকল্প প্ৰৱন্ধক ক্ৰমে জ্যোতিষ্ময় বৰুৱা আৰু দিপজ্যোতি বৰাইক, উত্তৰজামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডা° অলিমা নাথৰ লগতে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ জীৱিকা সখী, পঞ্চায়তৰ বিষয়ববীয়া সকলৰ উপস্থিতিত আজি পুৱা এই স্বাস্থ্য মেলাৰ শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

জামুগুৰিহাট