/asomiyapratidin/media/media_files/2025/10/14/513-2025-10-14-17-58-46.jpg)
ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ অন্তৰ্গত শালবাৰীত ১৬ অক্টোবৰত আৰু বাক্সা বিধানসভা সমষ্টিৰ মুছলপুৰত ৩০ অক্টোবৰত অনুষ্ঠিত হ'ব মেগা স্বাস্থ্য শিবিৰ । এই স্বাস্থ্য শিবিৰত ১৮ বছৰ আৰু ১৮ বছৰৰ তলৰ সকলো শিশু, কিশোৰ কিশোৰীক স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও বিনামূলীয়া দৰব প্ৰদান কৰা হ'ব ।
সমষ্টি ভিত্তিত অনুষ্ঠিত হ'বলগীয়া মেগা স্বাস্থ্য শিবিৰত ৫০ টাতকৈ অধিক ৰোগৰ উন্নত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ'ব । এই সন্দৰ্ভত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি বিতং বিৱৰণ দাঙি ধৰে বাক্সা আৰু তামুলপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ হিতেশ চন্দ্ৰ কাকতিয়ে ।