ঢকুৱাখনাত মেগা স্বাস্থ্য শিবিৰৰ আয়োজন...

লখিমপুৰ জিলা স্বাস্থ্য সমিতিৰ অধীনত ঢকুৱাখনা সমজিলা প্ৰশাসনৰ সহযোগত ঢকুৱাখনা সমষ্টি ভিত্তিত অনুষ্ঠিত হ’ব লগা এই শিবিৰ ঢকুৱাখনা নগৰৰ ঢকুৱাখনা মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব। 

author-image
Asomiya Pratidin
New Update
dhokuakhana 09

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাত অহা ১৫ অক্টোবৰত অনুষ্ঠিত হ’ব মেগা স্বাস্থ্য শিবিৰ। ঢকুৱাখনাত মেগা স্বাস্থ্য শিবিৰৰ আয়োজন

বুধবাৰে ঢকুৱাখনা সমজিলা আয়ুক্ত সংস্কৃতি ছুমানীয়ে এক সংবাদ মেলত এই সিদ্ধান্ত ব্যক্ত কৰে। সমজিলা আয়ুক্তৰ সভা কক্ষত বিয়লি অনুষ্ঠিত সংবাদমেলত এই সমষ্টি ভিত্তিক মেগা স্বাস্থ্য মেলাত ৫০ তাতকৈ অধিক ৰোগৰ উন্নত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ’ব। 

মুঠ  ১০ টা বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ উপৰিও অন্য স্বাস্থ্য বিষয়া উপস্থিত থাকি স্বাস্থ্য সেৱা আগবঢ়াব লগা এই স্বাস্থ্য শিবিৰত ১৮ বছৰ আৰু ১৮ বছৰৰ তলৰ সকলো শিশু, কিশোৰ কিশোৰীক স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও বিনামূলীয়া দৰব প্ৰদান কৰা হ’ব।

ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ মহকুমা স্বাস্থ্য বিষয়া (মুখ্য কাৰ্যালয়) ডাঃ মণেশ্বৰ সোণোৱাল, খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহু,  খণ্ড সমন্বয়ক বিষ্ণু চুতীয়া, খণ্ড তথ্য প্ৰবন্ধক ৰক্তিম জ্যোতি দাস আৰু সমজিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত ৰাহুল গগৈ উপস্থিত থকা সংবাদমেলত আয়ুক্তগৰাকীয়ে সমষ্টিটোৰ সকলো শিশু, কিশোৰ কিশোৰীৰ হৃদ, স্নায়ু, যকৃত, চকু, বংশানুক্ৰমিক ৰোগ আদিৰ উন্নত চিকিৎসা প্ৰদান কৰিবলৈ সকলো বিভাগৰ বিশেষজ্ঞ চিকিৎসক উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে।

পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা এই শিবিৰলৈ সমষ্টিটোৰ ছাত্ৰ-ছাত্ৰী, শিশুসকলক আনিবলৈ ২৫ খন বিনামূলীয়া বাছ যোগান ধৰিব বুলি সংবাদ মেলত অৱগত কৰি ঢকুৱাখনাৰ বিভিন্ন স্থানৰ বাবে ১৫ খন আৰু ঘিলামৰাৰ বিভিন্ন স্থানৰ বাবে ১০ খন বাছ অনুমোদন কৰি নিৰ্দিষ্ট আস্থানৰ পৰা স্বাস্থ্য শিবিৰলৈ ছাত্ৰ-ছাত্ৰীসকলক অনা হ’ব বুলি ব্যক্ত কৰে।

ৰোগ অনুসৰি বিনামূলীয়া চিকিৎসা উপলব্ধ থকা এই শিবিৰলৈ সমষ্টিটোৰ প্ৰতিগৰাকী শিশু, কিশোৰী, কিশোৰীক আনিবলৈ বিদ্যালয়সমূহৰ প্ৰধানসকলক আহ্বান জনাই স্বাস্থ্য বিভাগ আৰু সমজিলা প্ৰশাসনে সংশ্লিষ্ট শিক্ষাৰ্থীসকলক আধাৰ,  পানকাৰ্ড,  বি পি এল কাৰ্ড, ৰেচন কাৰ্ড আদি নথি পত্ৰ লগত আনিবলৈকো আহ্বান জনাইছে। এই শিবিৰতে ১৮ বছৰৰ তলৰ কিশোৰ, কিশোৰীসকলৰ আয়ুষ্মান জন্ম প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ড প্ৰস্তুত আৰু বিশেষ বাবে সক্ষম ছাত্ৰ, ছাত্ৰীক (ইতিপূৰ্বে আবেদন কৰি থোৱাসকল) প্ৰমাণ পত্ৰ দিয়াৰ লগতে নতুনকৈ আবেদন কৰাৰো সুব্যৱস্থা থাকিব বুলি খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহুৱে জানিবলৈ দিয়ে। 

সমজিলাখনৰ সকলো ১৮ বছৰৰ তলৰ শিশু, কিশোৰী, কিশোৰীক এই বিনামূলীয়া শিবিৰত অংশগ্ৰহণ কৰাৰ আহ্বান জনায় সত্যম কুমাৰ চাহুৱে এই সন্দৰ্ভত বিস্তৃত ভাবে জানিবলৈ সংশ্লিষ্ট এলেকাৰ আশা কৰ্মী,  অংগনৱাদী কৰ্মী আৰু স্বাস্থ্য কেন্দ্ৰসমূহৰ লগত যোগাযোগৰ আহ্বান জনাইছে।

স্বাস্থ্য ঢকুৱাখনা