/asomiyapratidin/media/media_files/2025/12/17/sdsdsdsdsdsds-2025-12-17-20-33-53.jpg)
ডিজিটেল ডেস্কঃ কলিয়াবৰ তিনিআলিৰ পৰা ৰাঙলুলৈকে বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ আৰু বহলিকৰণ কৰি ফ’ৰলেন পথ নিৰ্মাণৰ দাবীত ফ’ৰলেন দাবী সমিতিয়ে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ কেবিনেট মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে।
মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত যোৱা ৬জনীয়া প্ৰতিনিধি দলে সংসদ ভৱনত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীক সাক্ষাৎ কৰি কলিয়াবৰ–ৰাঙলু অংশটোৰ দীৰ্ঘদিনীয়া ফ’ৰলেন সমস্যাটো সমাধানৰ বাবে এখন স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰত উক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ অংশটো শীঘ্ৰে সম্প্ৰসাৰণ আৰু আধুনিক মানদণ্ডৰে নিৰ্মাণ কৰিবলৈ দাবী জনোৱা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/17/whatsapp-image-2025-12-17-20-34-14.jpeg)
এই সাক্ষাৎকালত অসমৰ তিনিগৰাকী সাংসদ— বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰী আৰু কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে। এই সময়চোৱাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কলিয়াবৰ অঞ্চলত ফ’ৰলেন পথ নথকাৰ ফলত সৃষ্টি হোৱা যান-জঁট, দুৰ্ঘটনা আৰু অৰ্থনৈতিক সমস্যাৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিতংভাৱে অৱগত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/17/whatsapp-2025-12-17-20-34-29.jpeg)
মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত যোৱা এই প্ৰতিনিধি দলটোত আছিল প্ৰদীপ লস্কৰ, গোলাপ চন্দ্ৰ শইকীয়া, প্লাৱন বৰা, মৃগাংক বৰা, লেখনাথ শৰ্মা আৰু সুভম দামাই। ফ’ৰলেন দাবী সমিতিৰ প্ৰায় তিনিবছৰীয়া এই আন্দোলনৰ গুৰুত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে দাবীটো বিবেচনা কৰা হ’ব বুলি প্ৰতিনিধি দলটোক আশ্বাস দিয়ে। এই আশ্বাসে কলিয়াবৰ–ৰাঙলু অঞ্চলৰ জনসাধাৰণৰ মাজত আশাৰ সঞ্চাৰ ঘটাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us