/asomiyapratidin/media/media_files/2026/02/28/gtfaasdasds-2026-02-28-20-30-14.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাষিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতৰ 'ৰাজ্য পুনৰ গঠন আইন, ১৯৫৬' বলবৎ হোৱাৰ দিন ধৰি অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান 'অসম সাহিত্য সভা'ৰ মজিয়াৰ পৰা অসমীয়া ভাষাক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ অহৰহ দাবী জনাই আহিছে।
অসম সাহিত্য সভাৰ এই দাবী আৰু ১৯৬০ চনৰ ভাষা আন্দোলনৰ ফচল হিচাপে ইতিমধ্যে 'অসম চৰকাৰী ভাষা আইন, ১৯৬০' বিধিসম্মতভাৱে গ্রহণ কৰাত ৰাজ্যবাসীৰ মাজত এক আশাৰ সঞ্চাৰ হৈছিল যে প্রশাসনিক ক্ষেত্রত অসমীয়া ভাষাই যথোপযুক্ত স্থান লাভ কৰিব। কিন্তু আইনখন গৃহীত হোৱাৰ পাছতো ইয়াৰ পূর্ণাংগ আৰু সঠিক ৰূপায়ণ ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু বিভাগসমূহত সঠিকভাৱে পৰিলক্ষিত হোৱা নাই।
উল্লেখযোগ্য যে, চৰকাৰী অধিসূচনা নং পি.এল.বি.৫৬০২১৫/৭৮, দিনাংক-১৪/০৪/২০২৫ আৰু চৰকাৰী পত্র নং পি.এল.বি. ৫৬০২১৫/১১৭, দিনাংক-১৫/১০/২০২৫ যোগে উক্ত আইনখন কঠোৰভাৱে কার্যকৰী কৰাৰ উদ্দেশ্যেই সংশ্লিষ্ট চৰকাৰী কাৰ্যালয়সমূহলৈ স্পষ্ট নির্দেশনা জাৰি কৰা হৈছিল। তথাপিও বাস্তব ক্ষেত্ৰত ইয়াৰ ফলপ্রসু ৰূপায়ণ স্পষ্টভাবে দেখা নোপোৱা বিষয়টোৱে অসম সাহিত্য সভাৰ লগতে সচেতন মহলত উদ্বেগৰ সৃষ্টি কৰিছে।
ইফালে, আজি অসম সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাৰ নেতৃত্বত এটি সঁজাতি দলে কামৰূপ মহানগৰ জিলা আয়ুক্তক সাক্ষাৎ কৰি এই বিষয়ে বিতংভাবে অবগত কৰাৰ লগতে অসমীয়া ভাষা আৰু সংস্কৃতিৰ সুৰক্ষা, সংৰক্ষণ আৰু বিকাশৰ স্বার্থত আইনখন সময়োপযোগী আৰু বাস্তৱসম্মত ভাৱে কার্যকৰী কৰিবলৈ কঠোৰতম ব্যৱস্থা গ্রহণ কৰিবৰ বাবে দাবী উত্থাপন কৰে।
আনহাতে, সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত সভাৰ প্রধান সম্পাদক গৰাকীয়ে কয় যে, কামৰূপ মহানগৰ জিলা আযুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। উক্ত স্মাৰক পত্ৰখনত সন্নিবিষ্ট দিশবোৰ মুখ্যমন্ত্ৰীগৰাকীৰ ব্যক্তিগত হস্তক্ষেপ কামনা কৰে।
তেওঁ লগতে উল্লেখ কৰে কয় যে, ভাষা কেৱল যোগাযোগৰ মাধ্যম নহয়; ই এক জাতিৰ ইতিহাস, ঐতিহ্য, চিন্তাধাৰা আৰু সামুহিক চেতনাৰ প্ৰতিফলন। চৰকাৰী কার্যালয়, আদালত, শিক্ষানুষ্ঠান, প্রতিষ্ঠান তথা বিভিন্ন প্রশাসনিক ব্যৱস্থাত অসমীয়া ভাষাৰ পূর্ণাঙ্গ ব্যৱহাৰ নিশ্চিত নোহোৱা পর্যন্ত আইনখনৰ লক্ষ্য পূৰণ হোৱা বুলি ক'ব নোৱাৰি। আইনখনৰ সঠিক ৰূপায়ণ নিশ্চিত কৰিবলৈ বিভাগসমূহক শক্তিশালী কৰা, কৰ্মচাৰীসকলক ভাষা-সম্পর্কীয় প্রশিক্ষণ প্রদান কৰা আৰু প্রয়োজন সাপেক্ষে কঠোৰ প্রশাসনিক ব্যৱস্থা গ্রহণ কৰা উচিত বুলি মত প্রকাশ কৰে।
আজি কামৰূপ মহানগৰ জিলা আযুক্তক সাক্ষাৎ কৰাৰ সময়ছোৱাত প্রধান সম্পাদক দেৱজিৎ বৰাৰ লগতে কর্ণধাৰ সমিতিৰ সদস্য ধীৰেন শর্মা, পৰিৱেশ্য কলা-সংৰক্ষণ আৰু সংবর্ধন উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুচেইন উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us