/asomiyapratidin/media/media_files/2026/02/07/hssss-2026-02-07-19-01-28.jpg)
ডিজিটেল সংবাদ, মায়ং: আসন্ন হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত শনিবাৰে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ সভাপতিত্বত পৰীক্ষা কেন্দ্ৰৰ তদাৰকী বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়।
বৈঠকত জিলা আয়ুক্তগৰাকীয়ে পুৱা ৭:৩০ বজাৰ ভিতৰত তদাৰকী বিষয়াসকলক নিজ নিজ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ নিৰ্দেশ দিয়ে। তেওঁ সকলো পৰীক্ষা কেন্দ্ৰত কঠোৰ চিচিটিভি নিৰীক্ষণ ব্যৱস্থা সুনিশ্চিত কৰাৰ লগতে কেমেৰাসমূহ সঠিকভাৱে সংস্থাপন তথা সম্পূৰ্ণ কার্যক্ষম অৱস্থাত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ লগতে কয় যে- পৰীক্ষা কেন্দ্ৰত যাতে কোনো কাৰণতে অভিভাৱক আৰু অকৰ্তৃত্বশীল ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰিব লাগিব। তেওঁ কয়-পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব। তেওঁ পৰীক্ষাৰ সময়ত কেন্দ্ৰসমূহত নীৰৱতা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে যাতে পৰীক্ষাৰ্থীসকলে কোনোধৰণৰ ব্যাঘাত নোহোৱাকৈ পৰীক্ষা দিব পাৰে।
সভাত মৰিগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে কয় যে- পৰীক্ষাৰ্থীসকলৰ তালাচী প্ৰক্ৰিয়াটো আৰক্ষীৰ দ্বাৰা সম্পন্ন হ’ব। তেওঁ কেন্দ্ৰৰ মুৰব্বীসকলক পৰীক্ষা কেন্দ্ৰৰ সীমাৰ দেৱালসমূহ পৰীক্ষা কৰি প্ৰয়োজন অনুসাৰে অস্থায়ী দেৱালৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে যাতে কোনো ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ সুযোগ লৈ অনৈতিক উপায় অৱলম্বন কৰিব নোৱাৰে।
তেওঁ লগতে বহিষ্কৃত পৰীক্ষাৰ্থীক সময়মতে অভিভাৱকৰ হাতত গতাই দিবলৈ আৰু পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ অনুমতি থকা সকলো ব্যক্তিক পৰিচয় পত্ৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মাই কয় যে- তদাৰকী বিষয়াসকলেই হৈছে পৰীক্ষা প্ৰক্ৰিয়াটোত প্ৰশাসনৰ চকু আৰু কাণ, সেয়ে তেওঁলোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে স্পষ্টভাৱে অৱগত হ'ব লাগিব।
বৈঠকত মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ অপূৰ্ব ঠাকুৰীয়াই বিষয়াসকলৰ বাবে থকা নীতি-নিৰ্দেশনাসমূহৰ বিষয়ে অৱগত কৰে। উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। মৰিগাঁও জিলাৰ ২৫টা কেন্দ্ৰত মুঠ ৯,৮৬৭ গৰাকী পৰীক্ষাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ’ব। আনহাতে, ২৬টা কেন্দ্ৰত মুঠ ১৩,৫২৮ গৰাকী পৰীক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us