যোৰহাট প্ৰেছ ক্লাৱত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সভা সম্পন্ন

দেওবাৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ এখন সাধাৰণ সভা দিনৰ ১১ বজাৰ পৰা যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
sdsdsdsdsdsd

ডিজিটেল সংবাদ, যোৰহাটঃ দেওবাৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ এখন সাধাৰণ সভা দিনৰ ১১ বজাৰ পৰা যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হয়। সভাখনৰ সভাপতিত্ব কৰে যোৰহাট জিলা সমিতিৰ সভাপতি দিপজ্যোতি দাসে । উদ্দেশ্য বাখ্যা কৰে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বেদান্ত দাসে।

যোৰহাটৰ বিভিন্ন প্ৰান্তৰ শতাধিক যুৱকৰ্মীয়ে অংগ্ৰহণ কৰা সভাখনত বিগত ২৫ ছেপ্তম্বৰত পৰিষদৰ পৰা সদ্য বহিষ্কৃত ৰুবুল দাসৰ নেতৃত্বত অহা ভাৰাতীয়া গুণ্ডা বাহিনী দলে অনুসূচিত জাতি ছাত্ৰাবাস চৌহদত থকা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ,অসমৰ যোৰহাট জিলাৰ সমিতিৰ কাৰ্যালয়ৰ তলা ভাঙি অনাধিকাৰ প্ৰৱেশৰ ফলত দুয়ো পক্ষৰ মাজত উদ্ভৱ হোৱা অমানবীয় ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগত সাংস্কৃতিক নগৰী যোৰহাট জিলাত অনুসূচিত জাতি ৰাইজক জনমানসত হেয় প্ৰতিপন্ন কৰিব পৰা ঘটনা পুনৰাবৃত্তি নকৰিবলৈ সকীয়নি প্ৰদান কৰে।

সভাত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মুক্তিনাথ দাস,সাধাৰণ সম্পাদক অমৃত প্ৰাণ দাস, সদৌ যোৰহাট জিলাৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মৃদুল কুমাৰ দাস,অসম ভীম সেনাৰ মানস জ্যোতি দাস লগতে অনুসূচিত জাতিৰ সচেতন ব্যক্তিসকল উপস্থিত থাকে । সভাই ৰুবুল দাসৰ পৰোচনাত পৰি যোৰহাট জিলাত পৰিষদক বিভাজন আনিব বিচৰা পাচঁজন ব্যক্তিক পৰিষদৰ পৰা অব্যহতি দিয়াৰ লগতে যোৰহাট জিলাত এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ পুনৰবাৰ আহ্বান জনায়। 

ইফালে, সভাৰ সৰ্বসন্মত সিদ্ধান্ত অনুসৰি যোৰহাট জিলাত কেইটামান পদবী সাল-সলনি কৰি পূৰ্বৰ সমিতিখন বাহাল ৰাখে। লগতে পুনৰ দিপজ্যোতি দাসক সভাপতি আৰু প্ৰিয়াঙ্কু দাসক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পন কৰি ৩১ জনীয়াকৈ পূৰ্ণাঙ্গৰূপত যোৰহাট জিলা সমিতিখন গঠন কৰে। সভাই কেওঁট সম্প্ৰদায়ক অনুসূচিত জাতিত অন্তভুক্তিকৰণৰ বিৰোধিতাৰে অনুসূচিত জাতি সংগঠন সমূহৰ লগত ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰি যাব বুলি প্ৰস্তাৱ গ্ৰহণ কৰে।

যোৰহাট