ট্ৰাইবেল সংঘক আলোচনাৰ বাবে আমন্ত্ৰণ চৰকাৰৰ! ইফালে বিশিষ্ট ব্যক্তিক লৈ এবছুৰ গাঁৱে গাঁৱে সভাৰ আয়োজন...

ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়াক লৈ তীব্ৰ বিৰোধিতাৰে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে ট্ৰাইবেল সংঘই। ইয়াৰ মাজতে অসম চৰকাৰে এই বিষয়টোক লৈ আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে ট্ৰাইবেল সংঘৰ

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
UJJJDD

ডিজিটেল ডেস্কঃ ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়াক লৈ তীব্ৰ বিৰোধিতাৰে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে ট্ৰাইবেল সংঘই। ইয়াৰ মাজতে অসম চৰকাৰে এই বিষয়টোক লৈ আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে ট্ৰাইবেল সংঘৰ নেতৃত্বক। জনজাতিকৰণক লৈ বিধানসভাত প্ৰতিবেদন দাখিল কৰা মন্ত্ৰীগোটৰ অধ্যক্ষ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাতে ট্ৰাইবেল সংঘৰ সৈতে এই বৈঠক অনুষ্ঠিত হ'ব। ৪ডিচেম্বৰৰ দিনৰ ২বজাত জনতা ভৱনত আয়োজন কৰা হৈছে এই বৈঠকৰ।

f342cd73-12b2-4768-b6e4-5b48d219450e

কিন্তু লক্ষ্যণীয়ভাৱে এই বৈঠকৰ পূৰ্বেই বড়ো ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে এক বিশেষ কাৰ্যসূচী। বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বই সকলো জিলা আৰু আঞ্চলিক সমিতিক ভিন্ন অঞ্চল আৰু গাঁৱত গণ্যমাণ্য ব্যক্তি তথা ৰাইজক লৈ সভা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে। 

e021cb99-6efb-4a22-89f0-3158144505b9

ধাৰণ কৰা হৈছে যে, এই সভা সমূহৰ পৰা যি সিদ্ধান্ত আহে সেই সিদ্ধান্তক সমূহক লৈ ৪ডিচেম্বৰ, ২০২৫ত জনতা ভৱনত অনুষ্ঠিত হবলগীয়া বৈঠকত আলোচনা হ'ব পাৰে। বিশিষ্ট ব্যক্তি আৰু ৰাইজৰ এইক্ষেত্ৰত মতামত কি হ'ব পাৰে, তাৰ ওপৰত ভিত্তি কৰিলৈ ট্ৰাইবেল সংঘৰ অন্তভূৰ্ক্ত হৈ থকা বড়ো নেতৃত্বই চৰকাৰৰ আগত উত্থাপন কৰিব পাৰে ভিন্ন দাবী।

জনজাতিকৰণ