/asomiyapratidin/media/media_files/2025/09/10/305-2025-09-10-23-35-21.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনিআলি আঞ্চলিক অগ্ৰণী বড়ো সংগঠনৰ উদ্যোগত মংগলবাৰ আৰু বুধবাৰে পৃথকে পৃথকে নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে এক সজাগতা সভা অনুষ্ঠিত কৰা হয় । প্ৰথম দিনা মংগলবাৰে কচু পুখুৰী গাঁৱৰ নামঘৰৰ চৌহদত বিয়লি মদ , ভাং, গাঞ্জা আৰু ড্ৰাগছ সেৱনৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰা হয় ।
ইয়াৰ সমান্তৰালভাৱে পিছদিনা বুধবাৰে গৰখীয়া পুখুৰী গাঁৱৰ ব্ৰহ্মজ্যোতি নামঘৰৰ প্ৰাংগণত নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰা হয় । সভাত সভাপতিত্ব কৰে হাওৰাঘাট তিনি আলি আঞ্চলিক কছাৰী সমাজৰ সভাপতি হৰি নাৰ্জাৰীয়ে ।
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক বীৰেন স্বৰ্গীয়াৰীয়ে । সভাত হাওৰাঘাট তিনি আলি আঞ্চলিক পৰ্যায়ৰ অগ্ৰণী বড়ো সংগঠনসমূহ ক্ৰমে এবছু, কছাৰী সমাজ, বড়ো সাহিত্য সভা, আবৌফ, গাওঁবুঢ়া সন্থা, দুলাৰায় বড়ো হাৰিমু আফাদ, প্ৰাক্তন বি এল টি কল্যাণ পৰিষদ, প্ৰাক্তন এন ডি এফ বি আদি বিভিন্ন সংগঠনৰ বিষয় ববীয়াসকলে সভাত উপস্থিত থাকে ।
নৱ প্ৰজন্মৰ মাজত প্ৰচলিত হৈ থকা মদ, ভাং, গাঞ্জা, ড্ৰাগছ আদি বিভিন্ন নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত সমাজখন বিপথে পৰিচালিত হৈ অহা বাবে ইয়াৰ পৰা মুক্ত কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিলে ভাল হ'ব আৰু লগতে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবেও এই সন্দৰ্ভত ৰাইজৰ লগত বিশদভাৱে আলোচনা কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
সভাত হাওৰাঘাট তিনি আলি আঞ্চলিক এবছুৰ সম্পাদক অঞ্জালু খাখলাৰী, কছাৰী সমাজৰ উপ সভাপতি সুবল বসুমতাৰী, আবৌফৰ সভানেত্ৰী প্ৰমিলা ফখ্ৰাৰী, জিলা প্ৰাক্তন বি এল টি কল্যাণ পৰিষদৰ সাংগঠনিক সম্পাদক মহেশ্বৰ বসুমতাৰী, প্ৰাক্তন এন ডি এফ বি' ৰ কাৰ্যকৰী সদস্য কুশল খাখলাৰী, চৰকাৰী গাওঁবুঢ়া ধ্ৰুৱ ব্ৰহ্ম, গাঁৱলীয়া গাওঁবুঢ়া নিপন খাখলাৰী, ভি ডি পিৰ সভাপতি ৰমেন্দ্ৰ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি গোপেন খাখলাৰী, সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰী, গাওঁবুঢ়া সন্থাৰ সম্পাদক বিমল খাখলাৰী, সদস্য জ্যোতি বাগলাৰী, ধনেন ব্ৰহ্ম আদি বহু গণ্য মান্য লোক উপস্থিত থাকে ।