/asomiyapratidin/media/media_files/2025/09/20/367-2025-09-20-01-38-31.jpg)
ডিজিটেল ডেস্ক : শুকুৰবাৰে সন্ধিয়া ৯-০০ বজাত গুগল মিটৰ জৰিয়তে অসম লেখিকা সমাজৰ এখন জৰুৰীকালীন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈয়ে পৌৰোহিত্য কৰা সভাখনৰ আৰম্ভণিতে অসম তথা সমগ্ৰ বিশ্বৰে অতিকে মৰমৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতি কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।
লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰা হয়। সভাত শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা জনাই অহা ২১ ছেপ্তেম্বৰ দেওবাৰে টিয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া অসম লেখিকা সমাজৰ প্ৰথম বাৰ্ষিক সখিয়তী সন্মিলনখন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।